লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে বৰপেটা লোকসভা নিৰ্বাচনৰ ৰনকৌশল। তাৰে সমান্তৰালকৈ বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰৰ দৌৰত। দলীয় টিকট লাভ কৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে দেওঁকুৰা গাৱত উপস্থিত হয় বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিন। লগতে বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিনে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে সৰ্বস্থৰৰ ৰাইজৰ পৰা আশীৰ্বাদ লোৱা দেখা যায়।