বাঘবৰ: ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে জি আৰ এছৰ স্বামীক মাৰধৰ কাৰাৰ অভিযোগত কাদাঙত সংবাদমেল
মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৭ নং কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জাকিৰ হুছেইনে ঘৰত মাতিনি জি আৰ এচ জাহানাৰা খাতুনৰ স্বামী জাহিদুল ইছলাম শিকদাৰক মাৰধৰৰ অভিযোগত সংবাদমেল । প্ৰতি জৱকাৰ্ডৰ বিপৰীতে দাবী কৰা ধন নিদিয়াত মাৰধৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে জাহিদুলে । কাদং গাওঁ পঞ্চায়তত প্ৰতিনিধিসকলৰ স্বামীৰ গুণ্ডাৰাজ চলাৰ অভিযোগ জি আৰ এচৰ স্বামী জাহিদুল ইছলাম শিকদাৰৰ । সোমবাৰে এক সংবাদ মেল সম্বোধন কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সদৰি কৰে ৷