সোমবাৰে ডিমাপুৰ গাৱত ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ইয়াকুব আলীৰ ঘৰত হঠাৎ উপস্থিত হয় বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ। তাৰ লগতে উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজীৱ হক, জনিয়া জিলা পৰিষদৰ সদস্য এম হাবিবুল্লা, বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ, জিলা এন এছ ইউ আই ৰ সভাপতি জাকাৰিয়া বুলবুল আৰু ভালেসংখ্যক নেতা কৰ্মী একেলগে ইফতাৰৰ অনুষ্ঠানত উপস্থিত হয়।