ধুবুৰী লোকসভাৰ অন্তৰ্গত মন্দিয়া সমষ্টিৰ জনতা বেকী ভেলী জুনিয়ৰ কলেজত অনুষ্ঠিত হব কংগ্ৰেছ দলৰ বৃহৎ জনসভা। কংগ্ৰেছ দলৰ বৃহৎ জনসভাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ঠাইখিনি পৰিদৰ্শন কৰে ধুবুৰী নিৰ্বাচন কমিটিৰ সভাপতি বিধায়ক আব্দুৰ ৰহিম আহমেদ। তাৰ লগতে উপস্থিত থাকে অসম প্রদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক আজাদ হুছেইন, জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ। লগতে কেনেদৰে কংগ্ৰেছ দলৰ বৃহৎ জনসভা সাফল্য মণ্ডিত কৰা যায় সেই সন্দৰ্ভত জনতা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত আলোচনা চক্ৰত মিলিত হয়।