বৰপেটাৰ বিধায়ক হঠাৎ বালিকুৰি গাঁওত উপস্থিত হৈ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ কয় এইবাৰ বদৰুদ্দিন আজমলৰ কোনো প্ৰতিযোগিতা নহয় এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হব। লগতে কয় বদৰুদ্দিন আজমল এজন আলিম হৈ যি তলৰ খাপৰ মন্তব্য কৰি আছে। এইবাৰ বদৰুদ্দিন আজমলৰ ভৰিৰ তলৰ মাটি আঁতৰি গৈছে বাবে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে। যি মন্তব্যই AIUDF দলটোক দিনক দিনে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া।