বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰুভী গাঁৱত যোৱা নিশাত এগৰাকী মহিলাই গছৰ ডালত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চল ব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাওখনৰ ৰেজ্জাক আলীৰ পত্নী তথা তিনি সন্তানৰ মাতৃ হালিমা বেগম পুৱতি নিশা অনুমান তিনি বজাত বিছনাৰ পৰা মনে মনে উঠি পুখুৰীৰ পাৰত থকা চজিনা গছৰ ডালত উঠি ডিঙিত চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। পুৱাৰ ভাগত ঘটনাস্থলীত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু কলগাছিয়াৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।