জয়পুৰ বজাৰৰ মাজ মজিয়াত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ জয়পুৰ আঞ্চলিক সমিতি গঠনাৰ্থে সাধাৰণ সভা ও সমূহীয়া ইফতাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবুল হুছেইন, সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ, সা: সাধাৰণ সম্পাদক আবু বাক্কাৰ ছিদ্দিকিৰ লগতে বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাক জেহেৰুল হক। উক্ত সভাত সভাপতি ছামান আলী আৰু সাধাৰন সম্পাদক হাবিবুৰ ৰহমানক লৈ ১১ জনীয়া শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়।