পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে সমকামৰ সমমৰ্যদা বিচাৰি দুদিনীয়াকৈ ৰূপায়ন কৰে কৰ্মবিৰতি আৰু ধৰ্মঘট। চেঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক প্ৰায় ২৫ গৰাকী কৰ্মচাৰীয়ে এই ধৰ্ঘটত অংশগ্ৰহণ কৰে। এই ধৰ্ঘটৰ ফলত প্ৰতিটো গাওঁ পঞ্চায়ত আৰু উন্নয়ন খণ্ড কাৰ্যালয়ৰ কাম কাজ অচল হৈ পৰে। শীঘ্ৰে তেওঁলোকৰ দাবী সমূহ বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনায়।