চেঙা: কাকধুৱাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন চাইকেল আৰোহী, গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী
Chenga, Barpeta | Nov 19, 2025 কাকধুৱা গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হয় পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী AS 01X 0833 নম্বৰৰ চাইন বাইকেৰ খুন্দিয়াই থৈ যায় ছাইকেল আৰোহীক, ফলত থিতাতে মৃত্যু হয় এজনৰ আৰু গুৰুতৰ ভাবে আহত দুজন।নিহত ছাইকেল আৰোহীজন গেলাবিল গাঁৱৰ জাকিৰ মিয়া। আহত লোক কেইজন হৰিপুৰ গাঁৱৰ আইজুল মিয়া আৰু অজিৰ খান বুলি জানিব পৰা গৈছে। আহত দুজনক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগতে নিহত ছাইকেল আৰোহীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে