বৰপেটাৰ বহৰিত আজব কাণ্ড। শিক্ষকৰ অনুপস্থিতিৰ বাবে স্কুল বন্ধ। শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতিৰ বাবে ঘৰলৈ ঘুৰি গ'ল ছাত্ৰ ছাত্ৰী। বহৰিৰ সমীপৰ হৰিপুৰত তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঘটিল এই ঘটনা।প্ৰধান শিক্ষক কচিমউদ্দিন আহমেদে সাংবাদিকক কলে ৰাজ্য চৰকাৰে ঘোষণা কৰা পিতৃ মাতৃ বন্দনা দিৱস উপলক্ষে কোনো শিক্ষক উপস্থিত নহ'ল বিদ্যালয়ত ।ফলত বিদ্যালয়লৈ আহিও উভতিব লগীয়া হ'ল ছাত্ৰ ছাত্ৰী ।তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৫০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে ২৬ গৰাকী শিক্ষক ৷