তাৰাবাৰী আৰক্ষীৰ এনকাউন্টাৰ। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ গুলী। বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইনক লক্ষ্য কৰি এনকাউন্টাৰ আৰক্ষীৰ। ৰবিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হৈছিল এই ঘটনা। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায়।আৰক্ষীৰ গুলীত আনোৱাৰ হুছেইনৰ বাওভৰি গুলীবিদ্ধ হয়।সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে আনোৱাৰ হুছেইন।