বজালী ভাগ: জনতা ভৱনত পালন কৰা বন্দে মাতৰম গীতটোৰ ১৫০ বছৰীয়া অনুষ্ঠানত আয়ুক্ত কাৰ্য্যালয়ৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ ভৱানীপুৰৰ বিধায়ক
সমগ্ৰ ৰাজ্যখনতে শুক্ৰবাৰে চৰকাৰীভাৱে বন্দে মাতৰম্ গীতটোৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্তি পালন কৰা হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত বন্দে মাতৰম্ গীতটোৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত কাৰ্য্যসূচী উপলক্ষে বজালী জিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা ভাৰ্চুৱেলী এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বজালী জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত সকলৰ লগতে বিষয়য়া সকলে ।