বজালী ভাগ: পাটাছাৰকুছিত প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত নিৰ্মিত ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে
পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত নিৰ্মিত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো শনিবাৰে উন্মোচন কৰা হয় ৷ ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তিটো উন্মোচী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও উপস্থিত থাকে ৷