বজালীৰ খাৰাধৰাত বিধায়কৰ পুজি আৰু ৰাইজৰ সহায় সহযোগত নতুনকৈ নিৰ্মাণ হোৱা শ্মশানখন শনিবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয় ৷ খাৰাধৰাত নতুনকৈ নিৰ্মাণ হোৱা ৰাজহুৱা শ্মশানখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে, পাটাছাৰকুছি সমষ্টিত এতিয়ালৈকে ১২ খন শ্মশান নিৰ্মাণ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।