ধিঙৰ ধূপগুৰি কলনিবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা! চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত মহিলা।
ধিঙৰ ধূপগুৰি কলনিবস্তিৰ জে বি বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
পথেৰে গৈ থকা অৱস্থাত অচিনাক্ত চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে মহিলাগৰাকীক। ফলত থিতাতে মৃত্যু হয় চুফিয়া খাতুন নামৰ মহিলাগৰাকীৰ।
মৃত মহিলাগৰাকীৰ ঘৰ ধূপগুৰি কলনিবস্তিত।
ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
#viral #viralpost #NewsUpdate #NewsUpdate #NewsAlert #NewsAlert #assam #AssamNews
Nagaon, Nagaon | Nov 13, 2026