উচ্ছেদ চলালেই নহ’ব, উচ্ছেদিতক দিব লাগিব সংস্থাপন আৰু ক্ষতিপূৰণ
🔴 চৰকাৰৰ ধাৰাবাহিক উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
🔴 উচ্ছেদিত পৰিয়ালৰ পুনৰ্সংস্থাপন, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ।
🔴 গোৱালপাৰাৰ হাছিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱা অঞ্চলৰ উচ্ছেদিত পৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
🔴 উচ্ছেদিত পৰিয়ালসমূহৰ সৈতে আলোচনা কৰি তেওঁলোকৰ অভাৱ-অভিযোগ বুজি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ।
🔴 ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ বাবে নতুন আঁচনি তথা পৰিকল্পনা গ্ৰহণৰো পৰামৰ্শ ন্যায়ালয়ৰ।
🔴 অহা ১৬ ডিচেম্বৰৰ ভিতৰত গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষ উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ অসম চৰকাৰক।
চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাই উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ্সংস্থাপনৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।
#assam #assault #newstoday #NewsUpdate #NewsAlert #today #nagaondistrict #assam
Nagaon, Nagaon | Nov 12, 2026