মুখ্যমন্ত্ৰীৰ এটা ফেচবুক পোষ্টতেই আনন্দৰ বন্যা! ২৪ ঘণ্টাৰ ভিতৰত নিৰ্মাণ হ’ব গাঁৱৰ বিধ্বস্ত পথ!
লাহৰিঘাটৰ পাৰলিগুৰী গাঁৱৰ দুৰৱস্থাগ্ৰস্ত পথৰ ছবি মুখ্যমন্ত্ৰীক দেখুৱাইছিল এজন যুৱকে।
যুৱকজনৰ নাম মোস্তাক আহমেদ। গাঁওখনৰ বোকাময়, বিধ্বস্ত পথৰ দুৰৱস্থাৰ কথা ফটোসহ অৱগত কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
যুৱকজনৰ আবেদনত সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ফেচবুকযোগে ঘোষণা কৰে।
মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই পাৰলিগুৰী গাঁৱত আনন্দ-উল্লাস। দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ অৱসান ঘটিব বুলি আশাবাদী অঞ্চলবাসী।
এজন যুৱকৰ আবেদন, মুখ্যমন্ত্ৰীৰ সঁহাৰি—এতিয়া বাট চাইছে পাৰলিগুৰীৰ ৰাইজে প্ৰতিশ্ৰুতি বাস্তৱায়নৰ।
#AssamNews #Morigaon #Laharighat #HimantaBiswaSarma #assam
Nagaon, Nagaon | Nov 11, 2026