আজি মহাঅষ্টমী পুজা ৷ ৰাজ্যৰ প্ৰতিখন পুজাস্থলিতে ভক্তৰ ভিৰ দেখা গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে সৰ্থেবাৰীৰ গাতে লাগি থকা পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ স্থলিত দেখা গৈছে ভক্তৰ ভিৰ ৷ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল আহি মা দুৰ্গাৰ আৰ্শীবাদ লোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ লগতে বিজয় দশমীৰ সন্ধিয়া পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ স্থলিতে বৃহৎ আকাৰৰ ৰাৱন বধ কৰা হব বুলি উৎযাপন সমিটিয়ে জনায়৷