সৰ্থেবাৰী: গহিয়াত পথ দুৰ্ঘটনা, তিনিজন লোক গুৰুতৰ ভাৱে আহত
বৰপেটাৰ গহিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিজন লোক গুৰুতৰ ভাৱে আহত। আহত তিনিজনক চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত দুজনৰ নাম বৰমাৰা গাঁৱৰ হাকিবুল ইছলাম আৰু ভোগদিয়া গাঁৱৰ মইদুল ইছলাম বুলি জানিব পৰা গৈছ যদিও এজনৰ নাম জানিব পৰা নাই । বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনা স্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত কৰে ।