সৰ্থেবাৰী: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস পালন, আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা
বুধবাৰে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে বৰ্তমানৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫১ সংখ্যক জন্মজয়ন্তী পালন ।১৯৭৪ চনৰ ৰাস পূৰ্ণিমাৰ দিনটোতেই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল বৰ্তমানৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ।এই বিশেষ দিনটোত সেৱাশ্ৰমত এক উলহ মালহ পৰিবেশ বিৰাজ কৰিছে। ভকত-আই সমন্বিতে সুৱৰ্ণ কুৰৰ পৰা পানীতোলা পৰ্বৰ পাছতেই আৰম্ভ হয় দিনযোৰা মাংগলিক কাৰ্যসূচীৰ। তাৰ পাছতেই উলিওৱা হয় এক আধ্যাত্মিক সম্প্ৰীত যাত্ৰা