বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ ২০০ মিটাৰ নিলগত তথা কলগাছিয়া বজাৰৰ মাজমজিয়াত চলি আছে জুৱাখেল। ৫০-৬০ জন ডেকা যুৱক সকলোৱে এই জুৱাখেলত ব্যস্ত। চাওক কি দৰে নিশ্ছিন্ত মনে টকাৰ বিনিময়ত খেলিছে জুৱা খেল। পৱিত্ৰ ঈদৰ আনন্দৰ মাজত এনেদৰে জুৱাখেলৰ অনুমতি কত পালে এওঁলোকে। এতিয়া প্ৰশ্ন হয় কোনফালে গতি কৰিছে যুৱ সমাজ। কোনে নিয়ন্ত্ৰণ কৰিব এইসকল জুৱাৰীক। কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত এনেদৰে জুৱাখেল খেলাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে।