বাক্সাৰ জে’লৰ বাহিৰত জুবিন অনুৰাগীৰ ওপৰত হিতেশ দেৱ শৰ্মাৰ পুত্ৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই নিৰ্যাতন চলোৱা লাইভ দেখুওৱাৰ বাবেই সাংবাদিকক হত্যাৰ ভাবুকি দিয়া হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি আইনগত ব্যৱস্থাৰ দাবী বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ । সাংবাদিকৰ লগতে তেওঁৰ ৮ বছৰীয়া পুত্ৰক মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ পিছতো কেনেকৈ বাহিৰত আছে প্ৰাক্তন আমোলা বুলি প্ৰশ্ন বিধায়ক গৰাকীৰ । প্ৰাক্তন আমোলা হিতেশ দেৱশৰ্মাক শীঘ্ৰেই গ্ৰেপ্তাৰ দাবী বিধায়ক গৰাকীৰ ৷