কলগাছিয়া: ভূমি বিবাদক কেন্দ্ৰ কৰি ডিমাপুৰত মাৰপিটৰ ঘটনা, কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল
কলগিছয়াৰ ডিমাপুৰত ভূমি বিবাদক কেন্দ্ৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। সাহেব আলী, ছামচুল আলম, শিৰাজ উদ্দিন, নাজিম উদ্দিন আৰু ইক্ৰামুল হুছেইনৰ আক্ৰমণত আনোৱাৰ হুছেইনৰ লগতে মহিলাসহ পাঁচজনকৈ লোক আহত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাকলৈ অনোৱাৰ হুছেইনে সাহেব আলী, ছামচুল আলম, শিৰাজ উদ্দিন, নাজিম উদ্দিন আৰু ইক্ৰামুল হুছেইনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷