বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে শুকুৰবাৰে ডিব্ৰুগড়ৰ চৌকিদিঙীত অৱস্থিত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পৰিৱেশ সজাগতা বৃদ্ধি আৰু প্ৰকৃতি সংৰক্ষণত সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত, ১৭১ বেটেলিয়ন চিআৰপিএফ আৰু অসম বন বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰতিনিধি, সংবাদ জগতৰ সদস্য আৰু স্থানীয় বাসিন্দাসকলে অংশগ্ৰহণ কৰে।