ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিলৰটাৰী গাঁওত সংঘটিত হয় মাৰপিটৰ ঘটনা। বলাইপাথাৰ গাঁও পঞ্চায়ত অন্তৰ্গত বিলৰটাৰী গাঁওত পঞ্চদশ আঁচনিৰ অধীনত তিনি লাখ টকা ব্যয় সাপেক্ষে এখন লেট্ৰিনৰ কাম হয় যদিও গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কাৰ্যকাল শেষ হোৱাত নিৰ্মান সমিতিৰ সভাপতিক কামৰ দায়িত্ব দিয়ে। ইফালে সভানেত্ৰীৰ স্বামী মমিনুল ইছলামে টকা দাবী কৰে যদিও নিদিয়াত নিৰ্মাণ সমিতিৰ সভাপতি মহম্মদ আলীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। পিছে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল।