মৰিগাঁও জিলাৰ মায়ঙৰ কুৰাণীবড়ী গাঁৱৰ বাসিন্দা ৱাছিম আক্ৰামে Insolvency and Bankruptcy Board of India (IBBI)ৰ Registered Valuer Examination-ত ৯১ শতাংশ নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। Land and Building শাখাত সৰ্বাধিক নম্বৰ লাভ কৰাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
আজিও ছাত্ৰ জনৰ এই সাফল্যৰ বাবে বিভিন্ন জনে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। যোৱা ২৭ অক্টোবৰত হাৰিয়ানাৰ গুৰুগ্ৰামস্থিত দ্য ব্ৰিষ্টল হোটেলত IOV Registered Valuers Foundation (IOVRVF)ৰ উদ্যোগত অনুষ্ঠিত Valuation Day অনুষ্ঠানত ৱাছিম আক্ৰামক এই স্বীকৃতি প্ৰদান কৰা হয়।
অনুষ্ঠানটো “Stepping into a Decade of Valuation Regulation: The Companies (Registered Valuers and Valuation) Rules, 2017” শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ মূল্যায়ন খণ্ডৰ বিশেষজ্ঞ, পেছাদাৰী ব্যক্তি আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে IOV Registered Valuers Foundationৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া আৰু IOVৰ সন্মানীয় সাধাৰণ সম্পাদক ড০ বিনয় গোৱেল, Insolvency and Bankruptcy Board of Indiaৰ মহাপ্ৰবন্ধক বি শংকৰনাৰায়ণন, IOVৰ সভাপতি পি কে ত্যাগৰাজন আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ দিল্লীস্থিত Commercial Clients Groupৰ মহাপ্ৰবন্ধক আৰ বি ত্ৰিবেদী। অনুষ্ঠানত আক্ৰামে এখন স্বীকৃতি-পত্ৰ আৰু নগদ ধনৰ চেক গ্ৰহণ কৰে।
উল্লেখযোগ্য যে ৱাছিম আক্ৰাম হৈছে ছাইদুল হকৰ পুত্ৰ। তেওঁ কটন কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু চেন্নাইৰ এখন শিক্ষানুষ্ঠানৰ পৰা অসামৰিক অভিযান্ত্ৰিক শাখাত ডিগ্ৰী গ্ৰহণ কৰিছিল। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদত সহকাৰী অভিযন্তা হিচাপে চাৰি বছৰ সেৱা আগবঢ়ায়। পৰৱৰ্তী সময়ত তেওঁ এইচডিএফচি বেংকৰ সৈতে Empanelled Engineer হিচাপে জড়িত হৈ গৃহ ঋণৰ বাবে সম্পত্তিৰ কাৰিকৰী মূল্যায়নৰ কাম কৰিছিল।
২০২৬ চনৰ অক্টোবৰ মাহত তেওঁ IBBIৰ অধীনত Land and Building শ্ৰেণীত Registered Valuer হিচাপে পঞ্জীয়ন লাভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এই পঞ্জীয়ন লাভ কৰা মৰিগাঁও জিলাৰ তেওঁ প্ৰথমগৰাকী ব্যক্তি।
উল্লেখ্য যে সম্পত্তি আৰু অন্যান্য সম্পদৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বচ্ছতা, জবাবদিহিতা আৰু পেছাদাৰী মানদণ্ড নিশ্চিত কৰাৰ লক্ষ্যৰে IBBIৰ Registered Valuer ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ভৱিষ্যতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পেছাদাৰী মূল্যায়ন সেৱাৰ বিকাশত অৰিহণা যোগোৱাৰ লগতে অঞ্চলটোৰ যুৱ প্ৰজন্মক এই বিশেষ পেছাগত ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ আশা প্ৰকাশ কৰিছে ৱাছিম আক্ৰামে। তেওঁৰ এই সাফল্যই মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।