Public App Logo
Profile Picture

khabor 24

@shamimulislam
92Followers
0Following
দক্ষিণ টেঙাগুৰিত উচ্ছেদিত ভূমিত ঘাঁহ কাটি নিবলৈ ৰাইজৰ হেতা-ওপৰা।
লাহৰীঘাটৰ দক্ষিণ টেঙাগুৰিত বিবাদিত ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। ১১ ন্যায়িক যুঁজৰ অন্তত এই উচ্ছেদ অভিযান।
লাহৰী ঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান।
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধিঙ্গৰআটি গাঁৱত কালি সন্ধিয়া মধ্য প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ এক চাইবাৰ অপৰাধীক। ধৃত চাইবাৰ অপৰাধী জন নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি গাঁৱৰ আব্দুল ৰাশিদ ( ৩১ )। চাইবাৰ অপৰাধী আব্দুল ৰাশিদ নিজকে আত্মগোপন কৰি ধিঙ্গৰআটি গাঁৱত শশুৰৰ ঘৰত আশ্রয় লৈ আছিল যদিও অৱশেষত মধ্য প্ৰদেশৰ আৰক্ষীয়ে বিচাৰি কৰায়ত্ত কৰি লাহৰীঘাট থানাত লৈ যায়। ধৃত চাইবাৰ অপৰাধী জনৰ পৰা আৰক্ষীয়ে ৫১ টা চিমকাৰ্ড আৰু এটা মোবাইল ফোন জব্দ কৰে।
মৰিগাঁও জিলা দিৱসৰ সংগীত...
বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন

 _ঐতিহ্যৰ সংৰক্ষণ, সাংস্কৃতিক ঐক্য আৰু সামাজিক সজাগতাৰ বাৰ্তাৰে মুখৰিত সমগ্ৰ জিলা_ 

 ইতিহাসৰ গৌৰৱময় অধ্যায়, সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু সামূহিক ঐক্যৰ চেতনাক সাৰোগত কৰি মৰিগাঁও জিলাত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক জিলা দিৱস উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজিত এই কাৰ্যসূচীসমূহে মৰিগাঁৱৰ ঐতিহাসিক পৰিচয়ক স্মৰণ কৰাৰ লগতে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে জনসজাগতা, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বক বিশেষভাৱে প্ৰতিফলিত কৰে।

জিলা দিৱসৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটে তৰুণ ৰাম ফুকন খেলপথাৰত পতাকা উত্তোলন আৰু মানৱ-শৃংখল গঠনেৰে। ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক দল আৰু সৰ্বস্তৰৰ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে গঢ় লৈ উঠা এই মানৱ-শৃংখলে জিলাখনৰ প্ৰতি সমূহীয়া দায়বদ্ধতা, সংহতি আৰু ঐক্যৰ এক তাৎপৰ্যপূৰ্ণ ছবি দাঙি ধৰে। অনুষ্ঠানত শিল্পী শ্ৰী ভদ্ৰেশ্বৰ ডেকা আৰু তেওঁৰ সহযোগীসকলে জিলা দিৱসৰ থীম ছং পৰিৱেশন কৰি পৰিৱেশটো সাংস্কৃতিক আবেগ আৰু জিলাখনৰ প্ৰতি গৌৰৱবোধেৰে মুখৰিত কৰি তোলে।

অনুষ্ঠানত ০৯-নগাঁও লোকসভা সমষ্টিৰ সাংসদ শ্ৰী দেৱাশীষ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ৰমাকান্ত দেউৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে  নৰোৱা কুঁজী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নিত্যানন্দ গোস্বামী দেৱ উপস্থিত থাকে।  জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী নিশান্ত সৌৰভ, আইপিছ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, এ চি এছ, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী প্ৰণতি কলিতা ডেকা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি শ্ৰী যুগেশ তামুলী কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সৰ্বসাধাৰণ ৰাইজে অনুষ্ঠানত উপস্থিত থাকি জিলা দিৱসৰ তাৎপৰ্যপূৰ্ণ উদযাপনত অংশীদাৰ হয়।

ইয়াৰ পাছতে তৰুণ ৰাম ফুকন খেলপথাৰৰ পৰা মৰিগাঁও চহৰ অভিমুখে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ঝুমুৰ আৰু বিভিন্ন পৰম্পৰাগত লোকনৃত্যৰ মনোমোহা পৰিৱেশনে শোভাযাত্ৰাক অধিক আকৰ্ষণীয় কৰি তোলে। ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে উলিওৱা শোভাযাত্ৰাই  জিলাখনৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ বৰ্ণিল ৰূপ প্ৰতিফলিত কৰে।

জিলা দিৱসৰ কাৰ্যসূচীৰ আন এক উল্লেখযোগ্য দিশ আছিল সামাজিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভি আই পি ৰোডৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰূপায়ণ কৰা দেৱাল চিত্ৰাংকন অভিযান। সংহত শিশু উন্নয়ন সেৱা (ICDS) আৰু মিছন শক্তিৰ সহযোগত শিল্পকলাৰ ছাত্ৰ-ছাত্ৰীসকলে বাল্যবিবাহ প্ৰতিৰোধ, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ, বহুবিবাহজনিত সামাজিক সমস্যাৰ বিৰুদ্ধে সজাগতা আৰু মানৱ সৰবৰাহ প্ৰতিৰোধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ দেৱালত চিত্ৰৰ মাধ্যমেৰে জীৱন্ত ৰূপত তুলি ধৰে। ৰং আৰু তুলিকাৰ সৃষ্টিশীল প্ৰকাশেৰে সামাজিক বাৰ্তা জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ এই প্ৰয়াসে জনসজাগতা বৃদ্ধিৰ এক ব্যতিক্ৰমী মাধ্যম হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।

একেদৰে মৰিগাঁও চহৰৰ মূল বজাৰ, বিহুতলী আৰু বিভিন্ন ৱাৰ্ডত সামাজিক বিষয়ক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নাট্যৰ সজীৱ উপস্থাপনৰ জৰিয়তে সামাজিক কু-প্ৰথা আৰু ক্ষতিকাৰক আচৰণৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াস কৰা হয়। ইয়াৰ লগতে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) সামগ্ৰী বিতৰণ কৰি শিশু সহায়তা হেল্পলাইন ১০৯৮ আৰু মহিলা হেল্পলাইন ১৮১ সম্পৰ্কে ৰাইজক অৱগত কৰা হয়। 

মৰিগাঁৱৰ ৩৮ সংখ্যক জিলা দিৱসৰ এই বহুমাত্ৰিক উদযাপনে কেৱল জিলাখনৰ গৌৰৱময় অতীতক স্মৰণ কৰাতে সীমাবদ্ধ নাথাকি ঐতিহ্যৰ সংৰক্ষণ, সাংস্কৃতিক পৰিচয়ৰ বিকাশ, সামাজিক দায়বদ্ধতা আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ এক সুদূৰপ্ৰসাৰী বাৰ্তা বহন কৰে। ইতিহাসৰ শিপাত প্ৰোথিত হৈ প্ৰগতিৰ দিশে আগবঢ়াৰ সংকল্পৰে এই উদযাপনে এখন ঐক্যবদ্ধ, সচেতন, সংবেদনশীল আৰু দায়বদ্ধ সমাজ গঢ়াৰ প্ৰেৰণাক অধিক শক্তিশালী কৰি তোলে.
🪔✨ LIGHTS OF HERITAGE, GLOW OF PRIDE ✨🪔

The Office of the District Commissioner, Morigaon, and various government offices illuminated their premises with traditional diyas, celebrating 38 years of heritage, unity and progress.

🌟 38 Years of Legacy. One Morigaon. Endless Pride.
*১৬ অক্টোবৰৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা কৃষি বিভাগৰ বিশেষ অভিযান:* 

কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক গতিশীল কৰাৰ লগতে সকলো কৃষকৰ নাম পঞ্জীয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে আজিৰে পৰা মৰিগাঁও জিলা কৃষি বিভাগে পাইলেট প্ৰকল্পৰ অংশ স্বৰূপে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই উপলক্ষে আজি জালুগুটি আৰু মিকিৰভেটা কৃষি চক্ৰৰ অধীনত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ভোটাৰ তালিকাক সহায়ক নথি হিচাপে লৈ ঘৰে ঘৰে গৈ বৰ্তমানলৈ পঞ্জীয়ন নিশ্চিত নকৰা কৃষকসকলক চিনাক্ত কৰি তেওঁলোকৰ পঞ্জীয়ন ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ বিগত তিনিবছৰত চৰকাৰক ন্যূনতম সমৰ্থিত মূল্যত (MSP) শস্য বিক্ৰী কৰা সত্ত্বেও বৰ্তমানলৈ কৃষক পঞ্জীয়ন সম্পূৰ্ণ নকৰা কৃষকসকলৰ পঞ্জীয়ন নিশ্চিত কৰাৰ ওপৰত এই কাৰ্যসূচীৰ জৰিয়তে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি অহা ১৬ অক্টোবৰৰ ভিতৰত আধিয়াৰ হিচাপে খেতি কৰা কৃষক আৰু চৰকাৰী ভূমিত খেতি কৰি জীৱিকা নিৰ্বাহ কৰা কৃষকসকলৰ পঞ্জীয়ন নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। কৃষক পঞ্জীয়ন, চৰকাৰী ক্ৰয় কেন্দ্ৰত ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰী আৰু ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়াৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে এক পাইলট প্ৰকল্পৰ অধীনত আগন্তুক তিনিদিনত জালুগুটি আৰু মিকিৰভেটা কৃষি চক্ৰত বিশেষ কৃষক পঞ্জীয়ন অভিযান ৰূপায়ণ কৰা হ’ব। ইয়াৰ উপৰি, ইতিমধ্যে কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰা কৃষকসকলৰ ধান বিক্ৰীৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে তেওঁলোকৰ অতিৰিক্ত কৃষিভূমি পঞ্জীয়নত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে কৃষক পঞ্জীয়ন নিশ্চিত নকৰা কৃষক সকলক শীঘ্ৰেই পঞ্জীয়ন নিশ্চিত কৰিবলৈ জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাই আহ্বান জনাইছে। আজি আয়োজিত বিশেষ কাৰ্যসূচীত মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া সকল, কৃষি পৰিদৰ্শক, কৃষি উপ পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণৰ সহায়ক সকলকে ধৰি সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
লাহৰীঘাটত কি মন্তব্য কৰিলে আমছু নেতা মিন্নাতুল ইছলামে।
ভূৰাগাঁৱত আমছুৰ সভাপতি ইমতিয়াজ হুছেইন।
১৩ অক্টোবৰ ২০২৬ তাৰিখে লাহৰিঘাট বিধানসভা সমষ্টিৰ লাহৰিঘাট উন্নয়ন ব্লকত  ‘সেৱা সংকল্প অভিযান’ৰ অধীনত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলৰ মাজত এককালীন প্ৰেৰণাদায়ক মাননীৰ চেক আৰু প্ৰশংসাপত্ৰ বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেবাশীষ শৰ্মাৰ লগতে, লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,জিলা DPM,DFPC,
DME, DCM আৰু লাহৰীঘাটৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, লাহৰীঘাট মডেল হাস্পতালৰ উপ অধীক্ষক, জিলা যক্ষ্মা বিষয়া, লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়াসকল উপস্থিত থাকে।তদপুৰি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী দিব্যজ্যোতি নেওগ, সমাজ কৰ্মী মনজ্যোতি বৰা, জিলা পৰিষদ সদস্য আবু জহিৰ আৰু ছাবিকুন নাহাৰ। 

জনসাধাৰণৰ মাজত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলে আগবঢ়াই অহা নিষ্ঠা, দায়বদ্ধতা আৰু নিৰলস সেৱাৰ স্বীকৃতি প্ৰদান কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অতুলনীয়।

তেওঁলোকৰ নিষ্ঠাৰ স্বীকৃতি, সেৱাৰ প্ৰতি সন্মান আৰু জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ এক প্ৰয়াস।
ভূৰাগাঁৱত কি ক'লে আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে??
*বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন, শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে জনসজাগতা বৃদ্ধিৰ পদক্ষেপ* 

 গৌৰৱোজ্জ্বল ইতিহাসৰ স্মৰণ, শ্বহীদসকলৰ অতুলনীয় ত্যাগৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন আৰু ঐক্য-সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হয়। জিলাখনৰ ঐতিহ্য আৰু গৌৰৱময় পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে নাগৰিক দায়বদ্ধতা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধিৰ বাৰ্তাৰে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই উপলক্ষে মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছ; জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, এ চি এছ; অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা, এ চি এছ আৰু ড° নিলাক্ষী বৈশ্য; সহকাৰী আয়ুক্ত শ্ৰী শুভংকৰ হোৰে, এ চি এছৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত শ্বহীদ তিলক ডেকা, শ্বহীদ হেমৰাম পাটৰ আৰু শ্বহীদ গুণাভিৰাম বৰদলৈৰ আবক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁলোকৰ মহান ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ উপৰি চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহত স্বচ্ছতা অভিযান ৰূপায়ণ কৰাৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে কুইজ, চিত্ৰাংকন আৰু সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জিলা দিৱস উপলক্ষে চৰকাৰী কাৰ্যালয়সমূহত বন্তি প্ৰজ্বলনৰ বাবেও প্ৰস্তুতি চলোৱা হয়।

জিলা দিৱসৰ মূল কাৰ্যসূচীসমূহ ১৪ অক্টোবৰত অব্যাহত থাকিব। সেইদিনা তৰুণৰাম  ফুকন খেল পথাৰ ত ৩৮খন জিলা দিৱসৰ পতাকা উত্তোলন, ‘মৰিগাঁও জিলা দিৱস’ শীৰ্ষক বাৰ্তাৰে মানৱ শৃংখল গঠন, জিলা দিৱসৰ বিষয়বস্তুৰ আধাৰত ৰচিত গীত পৰিৱেশন, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, সজাগতামূলক দেৱাল-চিত্ৰ অংকন আৰু বাটৰ নাট প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ লগতে নিৰ্ধাৰিত স্থানসমূহত বন্তি প্ৰজ্বলন কৰি জিলাখনৰ ঐক্য, সম্প্ৰীতি আৰু সামূহিক গৌৰৱৰ মনোভাৱ প্ৰকাশ কৰা হ’ব

অনুষ্ঠানত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ ভিতৰত গ্রাম্য পুথিভঁৰাল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজৰিকা মৰিগাঁও প্ৰেছ ক্লাবৰ সভাপতি  তথা জ্যেষ্ঠ সাংবাদিক শ্ৰী অজিত শৰ্মা আৰু বৰ অসম কাকতৰ সম্পাদক ড° বিৰিঞ্চি শৰ্মাৰ লগতে আন কেইবাগৰাকীও সংবাদকৰ্মী উপস্থিত থাকে।

দুদিনীয়া এই উদযাপনৰ জৰিয়তে জিলাখনৰ জনসাধাৰণৰ মাজত আপোনত্বৰ অনুভূতি শক্তিশালী কৰা, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰা আৰু মৰিগাঁৱৰ ঐতিহ্য তথা উন্নয়নৰ সামূহিক লক্ষ্যসমূহ উদযাপন কৰাৰ প্ৰয়াস কৰা হৈছে।
লাহৰীঘাটত আৰক্ষীৰ পৰা বাচিবলৈ বিলৰ পানীত জাঁপ দিলে ড্ৰাগছ পেডলাৰে । লালি বিলত জাপঁ দিয়া ড্ৰাগছ পেডলাৰটোৰ নাম নাজমূল বুলি স্হামীয় লোকে জানিবলৈ দিয়ে।
সেৱা সংকল্প অভিযান, ২০২৬ৰ অধীনত মৰিগাঁৱত জিলা পৰ্যায়ৰ কুইজ, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও, ১২ অক্টোবৰ: সেৱা সংকল্প অভিযান, ২০২৬ৰ অধীনত আজি মৰিগাঁও জিলাত জিলা পৰ্যায়ৰ কুইজ, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) ৰাকেশ ডেকাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত প্ৰতিযোগিতাসমূহৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াই।

জিলাখনৰ বিভিন্ন বিধানসভা সমষ্টিত অনুষ্ঠিত প্ৰতিযোগিতাসমূহত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান, সৃজনশীলতা, বৌদ্ধিক দক্ষতা আৰু বক্তৃতা প্ৰদানৰ সামৰ্থ্য বিকাশৰ লগতে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ এক মঞ্চ প্ৰদান কৰা হয়।

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আয়োজিত এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাৰ লগতে তেওঁলোকৰ সৰ্বাংগীণ বিকাশত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰা হয়।
লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী আনাৰ অন্তৰ্গত বেতনি গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই এক ড্ৰাগছ সৰবৰাহ কাৰী আটক কৰে ।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বিল্লাল হুছেইন । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ  পৰা ১৩টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে । ড্ৰাগছ খিনিৰ  ওজন প্ৰায় ২২.৫ গ্ৰাম ।
*সেৱা সংকল্প অভিযানৰ অধীনত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক চেক বিতৰণ* 

মৰিগাঁও, ১১ অক্টোবৰ: সেৱা সংকল্প অভিযানৰ অধীনত আজি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা আঞ্চলিক ৰাস মন্দিৰত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী আৰু মৰিগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক (Joint DHS) ডাঃ শৈলেন্দ্ৰ বৰ্ধন বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীত ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত অমৰেন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ জিলা কাৰ্যসূচী প্ৰবন্ধক (DPM), জিলা সামূহিক গতিশীলতাকৰণ বিষয়া (DCM) আৰু জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক (DFPC), ভূৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (SDM&HO), ভূৰবন্ধা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, খণ্ড কাৰ্যসূচী ব্যৱস্থাপনা গোটৰ (BPMU) বিষয়ববীয়া, সহকাৰী খণ্ড কাৰ্যসূচী প্ৰবন্ধকসকল (ABPM), আশা ছুপাৰভাইজাৰ আৰু আশাকৰ্মীসকল উপস্থিত থাকে।

এই পদক্ষেপৰ জৰিয়তে তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰা আৰু জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলে আগবঢ়াই অহা অমূল্য অৱদানক স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ নিষ্ঠা আৰু কৰ্মদক্ষতাক প্ৰশংসা কৰা হয়।
১১ অক্টোবৰ, ২০২৬ তাৰিখে জাগীৰোড বিধানসভা সমষ্টিৰ জাগীৰোড পৰিদৰ্শন বঙলাত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলৰ মাজত এককালীন প্ৰণোদনা ৰাশিৰ চেক আৰু প্ৰশংসাপত্ৰ বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী তথা জাগীৰোডৰ মাননীয় বিধায়কৰ প্ৰতিনিধিৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,DPM,DFPC আৰু ব্লক পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।

জনসাধাৰণৰ মাজত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰসকলে আগবঢ়াই অহা নিষ্ঠা, দায়বদ্ধতা আৰু নিৰলস সেৱাৰ স্বীকৃতি প্ৰদান কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অতুলনীয়।

তেওঁলোকৰ নিষ্ঠাৰ স্বীকৃতি, সেৱাৰ প্ৰতি সন্মান আৰু জনস্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ এক প্ৰয়াস।
মৰিগাঁও জিলাৰ পাঁচটা আইচিডিএছ প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগতে অংগন মিলন সেৱা পালন

মৰিগাঁও, ১১ অক্টোবৰ, ২০২৬: মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, মৰিগাঁৱৰ সহযোগত আজি জিলাখনৰ পাঁচটা সংহত শিশু উন্নয়ন সেৱা (আইচিডিএছ) প্ৰকল্পৰ অধীনত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগতে অংগন মিলন সেৱা পালন কৰা হয়।

এই দিৱস পালনৰ মূল উদ্দেশ্য আছিল কন্যা শিশুৰ অধিকাৰ সুৰক্ষিত কৰা, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা নিশ্চিত কৰা, সুৰক্ষা আৰু সৱলীকৰণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা, বাল্যবিবাহ আৰু লিংগভিত্তিক বৈষম্যৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰা তথা কন্যা শিশুৰ অধিকাৰ আৰু সুযোগ-সুবিধাৰ সম্প্ৰসাৰণৰ বাবে বিনিয়োগৰ প্ৰতি উৎসাহিত কৰা।

আনহাতে, অংগন মিলন সেৱাৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যকলাপত সমাজৰ অংশগ্ৰহণ বৃদ্ধি কৰা, পুষ্টি, স্বাস্থ্য, প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা তথা শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে অভিভাৱক আৰু স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

অনুষ্ঠানত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টী সিং, আই এ এছ-এ অংশগ্ৰহণ কৰি কিশোৰীসকলৰ মাজত চেনিটেৰী নেপকিন আৰু শিশুসকলৰ মাজত ফলমূলৰ টোপোলা বিতৰণ কৰে। এই পদক্ষেপৰ জৰিয়তে কিশোৰীসকলৰ ঋতুস্ৰাৱজনিত স্বাস্থ্য আৰু পৰিচ্ছন্নতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে শিশুসকলৰ পুষ্টিৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হয়।

এই কাৰ্যসূচীসমূহত মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী আৰু ধিং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মুক্তাৰ মেহবুবৰ লগতে মহিলা মৰ্চাৰ সদস্যসকল, ডাক পৰিদৰ্শক, জিলা সমাজ কল্যাণ বিষয়া, গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্যসকল, গাঁওবুঢ়াসকল, পঞ্চায়ত প্ৰতিনিধিসকল, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল (চিডিপিঅ’), আইচিডিএছৰ পৰিদৰ্শকসকল আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, মৰিগাঁৱৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

মৰিগাঁও সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰীয়ে কপিলী আইচিডিএছ প্ৰকল্পৰ অধীনত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিপৰীতে ধিং সমষ্টিৰ বিধায়ক শ্ৰীযুত মুক্তাৰ মেহবুবে মৈৰাবাৰী আইচিডিএছ প্ৰকল্পৰ অধীনত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া আৰু সমাজৰ বিভিন্ন স্তৰৰ প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণে কন্যা শিশুৰ অধিকাৰ সুৰক্ষিত কৰা, বাল্যবিবাহ প্ৰতিৰোধ কৰা, লিংগ সমতা প্ৰতিষ্ঠা কৰা আৰু শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে অংগনৱাড়ী সেৱাসমূহ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰ গুৰুত্ব প্ৰতিফলিত কৰে।
লাহৰীঘাটত বিজেপিৰ সমৰ্থকৰ আনন্দ -উল্লাহ।
*বিভাগীয় আঁচনিৰ অগ্ৰগতি আৰু কৃষিখণ্ডৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত মৰিগাঁও জিলা কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক* 

মৰিগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সভাকক্ষত আজি বিভাগীয় আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ কৃষিখণ্ডৰ বিভিন্ন পদক্ষেপ, ক্ষেত্ৰপৰ্যায়ৰ কাম-কাজ আৰু সমস্যাসমূহৰ বিস্তৃত পৰ্যালোচনাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কাৰ্যসূচী, যেনে কৃষক পঞ্জীয়ন, কৃষি মেপাৰ, ডিজিটেল শস্য জৰীপ, ৰাষ্ট্ৰীয় ভোজ্য তেল–তৈল খেজুৰ অভিযান, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্য আদিৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা কৰা হয়।
বৈঠকত এতিয়াও কৃষক পঞ্জীয়ন সম্পূৰ্ণ নকৰা কৃষকসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত আঁচনিখনৰ ন’ডেল তথা মহকুমা কৃষি বিষয়া মূছাহীদ ফাৰুকীয়ে কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়। লগতে Encroacher Model-ৰ অধীনত কৃষক পঞ্জীয়নত হোৱা বিলম্বৰ কাৰণসমূহো বৈঠকত পৰ্যালোচনা কৰা হয়।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান–তৈল খেজুৰৰ অধীনত জিলাখনত তৈল খেজুৰ খেতিৰ সম্প্ৰসাৰণৰ অগ্ৰগতিৰ ওপৰতো আলোচনা কৰা হয়। তৈল খেজুৰ খেতি সন্দৰ্ভত কৃষকৰ মাজত থকা ভুল ধাৰণা বা অপপ্ৰচাৰ দূৰ কৰাৰ লগতে এই খেতিৰ অৰ্থনৈতিক সম্ভাৱনা, উৎপাদনশীলতা আৰু কৃষকৰ বাবে থকা সম্ভাৱ্য লাভালাভ সম্পৰ্কে সঠিক তথ্য প্ৰদান কৰি অধিক সংখ্যক কৃষকৰ কাষ চাপিবলৈ জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাই সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়। বৈঠকত ডিজিটেল শস্য জৰীপ আৰু কৃষি মেপাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত ৰূপায়িত সকলো বিভাগীয় আঁচনিৰ নিৰ্ধাৰিত লক্ষ্য সময়মতে সম্পূৰ্ণ কৰি সফল ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ক্ষেত্ৰপৰ্যায়ত অধিক সক্ৰিয়ভাৱে কাম কৰাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশনা প্ৰদান কৰা হয়।
আজিৰ বৈঠকত সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথ, গৌতম নাথ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া পদুম বৰা, কিশোৰ কুমাৰ কলিতা, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে সংশ্লিষ্ট কৃষি সম্প্ৰসাৰণ সহায়ক আৰু বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
ভূৰাগাঁও বজাৰত প্ৰচণ্ড বৰষুণ,স্তদ্ধ জন-জীৱন!
*০৯-নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ গণনা কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন* 

মৰিগাঁও, ৮ অক্টোবৰঃ  কাইলৈ (৯ অক্টোবৰ) অনুষ্ঠিত হ’বলগীয়া ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ০৯-নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিযুক্ত গণনা কৰ্মচাৰীৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন কৰা হয়।

এই ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া মাননীয় কাউণ্টিং অবজাৰ্ভাৰ শ্ৰী এছ. অৰুণৰাজ, আইএএছ আৰু মৰিগাঁও জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰীমতী সৃষ্টি সিংহ, আইএএছৰ উপস্থিতিত সম্পন্ন হয়।

অনুষ্ঠানত লাহৰীঘাটৰ চিডিচি শ্ৰী অনুৰাগ ফুকন, এচিএছ; জাগীৰোডৰ চিডিচি শ্ৰী হৃদয় কুমাৰ দাস, এচিএছ; অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা, এচিএছ, শ্ৰী উদয় শংকৰ দত্ত, এচিএছ আৰু ডা° নীলাক্ষী বৈশ্য, এচিএছ; নিৰ্বাচনী বিষয়া শ্ৰীমতী গুঞ্জনা শইকীয়া, এচিএছ; সহকাৰী আয়ুক্ত শ্ৰীমতী অংকিতা দত্ত, এচিএছ, আৰু শ্ৰীমতী মৃগাক্ষী বৰুৱা, এচিএছৰ লগতে আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
Video 23
*মৰিগাঁও STHG অসামৰিক চিকিৎসালয়ত OPD Opioid Substitution Therapy (OST) সেৱা প্ৰদান* 

মৰিগাঁও, ৮ অক্টোবৰ: মাদকাসক্তিৰ বিৰুদ্ধে চলি থকা চিকিৎসা আৰু পুনৰ্বাসনমূলক পদক্ষেপৰ অংশ হিচাপে আজি মৰিগাঁওস্থিত STHG অসামৰিক চিকিৎসালয়ত Opioid Substitution Therapy (OST) সেৱা প্ৰদান কৰা হয়। এই সেৱাৰ জৰিয়তে অপিঅইড-নিৰ্ভৰশীলতা আৰু মাদকাসক্তিৰ চিকিৎসাৰ প্ৰয়োজন থকা ৮ গৰাকী ব্যক্তিয়ে চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে।

মৰিগাঁও জিলাৰ OST সেৱাৰ বাবে নিৰ্ধাৰিত চিকিৎসা বিষয়া তথা জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ ভানিতা বড়োৰ তত্ত্বাৱধানত এই সেৱা প্ৰদান কৰা হয়।

OST হৈছে অপিঅইড-নিৰ্ভৰশীল ব্যক্তিসকলৰ বাবে এক প্ৰমাণভিত্তিক আৰু ফলপ্ৰসূ চিকিৎসা পদ্ধতি। এই চিকিৎসাই অবৈধ অপিঅইডৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰাৰ লগতে চিকিৎসা সেৱাৰ ধাৰাবাহিকতা বজাই ৰখা, অতিমাত্ৰা সেৱনৰ ফলত হ'ব পৰা বিপদ আৰু অন্যান্য জটিলতাৰ আশংকা হ্ৰাস কৰা তথা সুস্থ জীৱনলৈ উভতি অহা আৰু পৰিয়াল তথা সমাজৰ সৈতে পুনৰ সংযুক্ত হোৱাত সহায় কৰে।

জিলাখনত OST সেৱাৰ প্ৰতি চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটোৱে অধিক জনসচেতনতা সৃষ্টি, মাদকাসক্তিৰ সমস্যাৰ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্তকৰণ আৰু সময়মতে উপযুক্ত চিকিৎসা তথা পৰামৰ্শ সেৱা লাভৰ গুৰুত্বক প্ৰতিফলিত কৰিছে।

জিলা স্বাস্থ্য সমিতি, মৰিগাঁও-এ অপিঅইড-নিৰ্ভৰশীলতা বা মাদকাসক্তিৰ সমস্যাত ভোগা ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক কোনো ধৰণৰ সংকোচ বা সামাজিক কলংকৰ ভয় নকৰাকৈ যোগ্য চিকিৎসকৰ পৰামৰ্শ আৰু পেছাদাৰী সহায় গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। প্ৰয়োজনীয় ব্যক্তি আৰু তেওঁলোকৰ অভিভাৱকসকলে অধিক তথ্য আৰু সহায়ৰ বাবে জিলা স্বাস্থ্য সমিতিৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব পাৰে।

যোগাযোগৰ নম্বৰ:

📞 9365156816

📞 8402935788

📞 9365369685