*মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ সুৰক্ষাৰ পৰ্যালোচনা, পথ দুৰ্ঘটনা প্ৰতিৰোধ আৰু বিপদসংকুল স্থানসমূহৰ বিপদাশংকা হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ*
মৰিগাঁও, ২৩ নৱেম্বৰ, ২০২৬: জিলাখনৰ পথসমূহত যাতায়াত ব্যৱস্থা অধিক সুৰক্ষিত কৰাৰ লগতে পথ দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেৱাৰি, এ চি এছৰ অধ্যক্ষতাত পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সুৰক্ষা সম্পৰ্কীয় এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন সমস্যা, চলি থকা ব্যৱস্থাসমূহৰ অগ্ৰগতি আৰু পথৰ বিপদাশংকা হ্ৰাসৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।
বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঘন হৈ পৰা গছ-গছনি আৰু জোপোহা কাটি পৰিষ্কাৰ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এনে উদ্ভিদে পথচাৰী আৰু বাহন চালকৰ দৃষ্টিসীমা বাধাগ্ৰস্ত কৰাৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি কৰে বুলি তেওঁ উল্লেখ কৰে। নিশাৰ ভাগত পথৰ দৃশ্যমানতা বৃদ্ধি কৰাৰ উদ্দেশ্যে গছত ৰিফ্লেক্টৰ লগোৱাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
বিশেষকৈ পথৰ বেঁকা অংশসমূহৰ আগজাননী দিয়া যান-বাহনৰ সংকেত ফলকসমূহ গছ-গছনিৰ আঁৰত ঢাক খাই পৰাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে এনে বাধাসমূহ চিনাক্ত কৰি আঁতৰোৱাৰ নিৰ্দেশ দিয়ে, যাতে চালকসকলে পথৰ সংকেতসমূহ স্পষ্টকৈ দেখা পায়। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেদখলসমূহ চিনাক্ত কৰিবলৈ পৰিদৰ্শনকাৰী দল নিয়োগ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ক প্ৰয়োজনীয় স্থানত ইউ-কাটাৰ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। লগতে স্পীড ব্ৰেকাৰত প্ৰতিফলকযুক্ত চিহ্ন স্থাপন, যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ডিভাইডাৰ নিৰ্মাণ আৰু বিপদপ্ৰৱণ স্থানসমূহত বিকল্প সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিভাগৰ মাজত নিৰন্তৰ সমন্বয় আৰু সামূহিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে চিনাক্ত কৰা ব্যৱস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত লৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে।
বৈঠকত মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিশান্ত সৌৰভ, আই পি এছ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব পাঞ্চালী শ্যাম, চক্ৰ বিষয়াসকলৰ লগতে সংশ্লিষ্ট বিভিন্ন বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
Laharighat, Morigaon | Nov 23, 2026