*বাল্য বিবাহমুক্ত মৰিগাঁও গঢ়াৰ লক্ষ্যৰে ১০০ দিনীয়া বিশেষ অভিযানৰ প্ৰস্তুতি; তৃণমূল পৰ্যায়ত ব্যাপক সজাগতা আৰু সমন্বিত পদক্ষেপৰ আহ্বান জিলা আয়ুক্তৰ*
মৰিগাঁও, ২৩ নৱেম্বৰ: বাল্য বিবাহৰ দৰে এক গুৰুতৰ সামাজিক ব্যাধি নিৰ্মূল কৰি প্ৰতিগৰাকী শিশুৰ সুৰক্ষিত শৈশৱ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশজুৰি গ্ৰহণ কৰা হৈছে ‘বাল্য বিবাহমুক্ত ভাৰত – ১০০ দিনীয়া কাৰ্যসূচী’। এই ৰাষ্ট্ৰীয় অভিযানৰ সৈতে সংগতি ৰাখি আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন জিলা পৰ্যায়ৰ পৰামৰ্শমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰী অ:অ: সে: সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনত বাল্য বিবাহ প্ৰতিৰোধৰ বাবে এক সুসংহত আৰু সময়োপযোগী কাৰ্যপন্থা প্ৰস্তুত কৰাৰ লগতে বিভিন্ন বিভাগ আৰু সামাজিক সংগঠনৰ মাজত সমন্বয় অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰা হয়।
সভাত জিলা আয়ুক্তগৰাকীয়ে বাল্য বিবাহ প্ৰতিৰোধ কেৱল প্ৰশাসনৰ দায়িত্ব নহয়, বৰঞ্চ ই এক সামূহিক সামাজিক দায়িত্ব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বিদ্যালয়, পঞ্চায়ত, স্থানীয় নেতৃত্ব, ধৰ্মীয় অনুষ্ঠান আৰু নাগৰিক সমাজৰ সক্ৰিয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বাল্য বিবাহৰ সম্ভাৱ্য ঘটনা আগতীয়াকৈ চিনাক্ত কৰা, সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ বাবে তৃণমূল পৰ্যায়ত সমন্বিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।
উল্লেখ্য যে, ২০২৬ চনৰ ২৭ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ৮ মাৰ্চলৈ ৰূপায়ণ হ’বলগীয়া এই ১০০ দিনীয়া অভিযানটো মূলতঃ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ আৰু সময়োচিত হস্তক্ষেপ—এই তিনিটা দিশৰ ওপৰত কেন্দ্ৰ কৰি পৰিচালিত হ’ব। অভিযানটো তিনিটা পৰ্যায়ত ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে।
- প্ৰথম পৰ্যায় (২৭ নৱেম্বৰ – ২৬ ডিচেম্বৰ): বাল্য বিবাহ প্ৰতিৰোধ বিষয়া আৰু বিদ্যালয়সমূহৰ ভূমিকা অধিক শক্তিশালী কৰি সজাগতা, সতৰ্কতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা ত্বৰান্বিত কৰা হ’ব।
- দ্বিতীয় পৰ্যায় (২৭ ডিচেম্বৰ – ২৬ জানুৱাৰী): পঞ্চায়ত আৰু স্থানীয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহক সক্ৰিয়ভাৱে জড়িত কৰি বাল্য বিবাহৰ ঘটনা চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্বশীল ভূমিকা নিশ্চিত কৰা হ’ব।
- তৃতীয় পৰ্যায় (২৭ জানুৱাৰী – ৮ মাৰ্চ): ধৰ্মীয় নেতা আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ সহযোগিতাৰে বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপক সামাজিক সজাগতা আৰু ঐকমত্য গঢ়ি তোলা হ’ব।
মৰিগাঁও জিলাত অহা ২৭ নৱেম্বৰত গৰমাৰী আঞ্চলিক পি এম শ্ৰী বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলকৰণ দিৱসৰ সৈতে সংগতি ৰাখি অভিযানটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব। আনহাতে, ২০২৭ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা এই অভিযানৰ সামৰণি পৰিব। শিশু সুৰক্ষা আৰু নাৰী সৱলীকৰণৰ লক্ষ্যক একেটা সূত্ৰত বান্ধি অভিযানটোৱে এখন সমতাপূৰ্ণ আৰু বাল্য বিবাহমুক্ত সমাজ গঢ়াৰ বাৰ্তা বহন কৰিব।
অভিযানটোক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ গাঁৱে-ভূঞে সজাগতা ৰথ পৰিভ্ৰমণ, বিশেষ গাঁওসভা, বাল্য বিবাহৰ বিৰুদ্ধে সামূহিক সংকল্প গ্ৰহণ, বাটৰ নাট, চিত্ৰাংকন প্ৰতিযোগিতা আদি বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে সমাজৰ প্ৰতিটো স্তৰলৈ বাল্য বিবাহৰ কু-প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ লগতে এই প্ৰথাৰ বিৰুদ্ধে এক শক্তিশালী সামাজিক প্ৰতিৰোধ গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব।
সভাত সহকাৰী আয়ুক্ত শ্ৰীমতী মৃগাক্ষী বৰুৱা, অ: অ: সে: বিদ্যালয় পৰিদৰ্শক, জিলা সমাজ কল্যাণ বিষয়া, জিলা শিশু সুৰক্ষা গোট আৰু মহিলা সৱলীকৰণৰ জিলা কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী, ক’ছি লোক মঞ্চৰ প্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়া আৰু অংশীদাৰসকল উপস্থিত থাকে।
প্ৰতিটো শিশুৰ বাবে সুৰক্ষিত শৈশৱ, প্ৰতিগৰাকী কন্যাৰ বাবে শিক্ষাৰ আৰু নিজৰ সপোন পূৰণৰ সমান সুযোগ - এই লক্ষ্যক সাৰোগত কৰি মৰিগাঁও জিলা প্ৰশাসনে বাল্য বিবাহমুক্ত সমাজ গঢ়াৰ বাবে এক ব্যাপক গণ-সচেতনতা আৰু সামূহিক দায়বদ্ধতাৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস হাতত লৈছে।