*নতুন দিল্লীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মৰিগাঁৱৰ ১৯ জনীয়া প্ৰতিনিধি দলে*
মৰিগাঁও, ২০ নৱেম্বৰ, ২০২৬: বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মৰিগাঁও জিলাৰ ১৯ জনীয়া এটি প্ৰতিনিধি দল নতুন দিল্লীলৈ যাবলৈ সাজু হৈছে। অহা ২৯ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত প্ৰতিনিধি দলটোৱে মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব।
এই উপলক্ষে আজি জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰী (অ.অ.সে)ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিনিধি দলটোৰ ১৯ গৰাকী সদস্যৰ সৈতে এখন মত-বিনিময়মূলক সভা অনুষ্ঠিত হয়। সভাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণৰ প্ৰস্তুতি, বিভিন্ন দিশৰ সমন্বয় আৰু প্ৰয়োজনীয় ব্যৱস্থাপনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। লগতে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিনিধি দলৰ সদস্যসকলক উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটোত মৰিগাঁও জিলাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰিচয় গৌৰৱেৰে প্ৰতিফলিত কৰিবলৈ আহ্বান জনায়।
উক্ত সভাত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰাকেশ ডেকা (অ.অ.সে), ড০ নীলাক্ষী বৈশ্য (অ.অ.সে) আৰু সাংস্কৃতিক উন্নয়ন বিষয়া শ্ৰী অনুপ জ্যোতি ডেকা উপস্থিত থাকে।
উল্লেখযোগ্য যে, অতিৰিক্ত জিলা আয়ুক্ত ড০ নীলাক্ষী বৈশ্য (অ.অ.সে)ক প্ৰতিনিধি দলটোৰ ন’ডেল বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁ ন’ডেল বিষয়া হিচাপে দলটোৰ সৈতে নতুন দিল্লীৰ অনুষ্ঠানত উপস্থিত থাকিব।
অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি, সংগীত আৰু মানৱতাবাদী দৰ্শনে সমগ্ৰ বিশ্বতে অসমীয়া জাতিক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। তেওঁৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত মৰিগাঁও জিলাৰ প্ৰতিনিধি দলৰ অংশগ্ৰহণে জিলাখনৰ বাবে এক বিশেষ গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে।
জিলা প্ৰশাসনে প্ৰতিনিধি দলটোৰ সকলো সদস্যৰ সফল অংশগ্ৰহণ আৰু গৌৰৱোজ্জ্বল প্ৰতিনিধিত্ব কামনা কৰাৰ লগতে এই যাত্ৰা সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰিছে।