নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে এছেম্বলী লেভেল মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত
মৰিগাঁও, ১০ ছেপ্টেম্বৰ: আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সফল, সুশৃংখল আৰু স্বচ্ছ পৰিচালনাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ পবিতৰা হাটত এছেম্বলী লেভেল মাষ্টাৰ ট্ৰেইনাৰ (ALMT)সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়।
প্ৰশিক্ষণত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন দিশ, ভোটগ্ৰহণ সম্পৰ্কীয় দায়িত্ব, বিধি-নিৰ্দেশনা আৰু দক্ষ প্ৰশিক্ষণ পদ্ধতিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়, যাতে মাষ্টাৰ ট্ৰেইনাৰসকলে তলস্তৰৰ নিৰ্বাচনী কৰ্মচাৰীসকলক ফলপ্ৰসূভাৱে প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে।
কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নীলাক্ষী বৈশ্য, ACS উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে আৰু নিৰ্বাচনী দায়িত্ব নিষ্ঠা, নিৰপেক্ষতা আৰু পেছাদাৰী মনোভাৱে পালন কৰিবলৈ আহ্বান জনায়।