*নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ সংবাদমেল*
মৰিগাঁও, ৯ ছেপ্টেম্বৰ: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত আজি মৰিগাঁও জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী সৃষ্টিশ্ৰী সিং, আই এ এছ-এ নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়ায়।
সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচন সম্পৰ্কীয় তথ্য দায়িত্বশীল, নিৰ্ভৰযোগ্য আৰু সময়োপযোগীভাৱে জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
লগতে ভোটাৰসকলৰ মাজত নিৰ্বাচন সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা আৰু কেৱল প্ৰামাণিক তথা সত্য তথ্যহে জনসাধাৰণৰ মাজলৈ যাতে পৌঁছে, সেই ক্ষেত্ৰত সংবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা কামনা কৰে।
তেওঁ উল্লেখ কৰে যে নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ লগতে ভোটাৰ সজাগতা বৃদ্ধিত সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। নিৰ্বাচন সম্পৰ্কীয় সঠিক তথ্য প্ৰচাৰ আৰু জনসাধাৰণক সচেতন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলিও তেওঁ প্ৰকাশ কৰে।
সংবাদমেলত অতিৰিক্ত জিলা আয়ুক্ত (নিৰ্বাচন) শ্ৰী ৰাকেশ ডেকা, এ চি এছ আৰু নিৰ্বাচনী বিষয়া শ্ৰীমতী গুঞ্জনা শইকীয়া, এ চি এছ উপস্থিত থাকে।
মৰিগাঁও জিলা প্ৰশাসনে আগন্তুক নিৰ্বাচনটো মুক্ত, নিকা, শান্তিপূৰ্ণ আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ অব্যাহত সহযোগিতা আৰু সহায়-সহযোগিতা কামনা কৰিছে।