সম্প্ৰীতি যুৱ সংঘৰ উদ্যোগত বান বিধ্বস্ত ভা-ধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক সামগ্ৰী প্ৰদান
শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত জিলা খনৰ অধিক অঞ্চলৰ বিস্তৰ ক্ষতিসাধন । অন্যহাতে সমান্তৰাল ভাৱে ক্ষতিগ্ৰস্ত হৈ বিদ্যালয় সমুহ
শিৱসাগৰ জিলাৰ ভা-ধৰা উচ্চ মাধ্যমিক বিদ্যালয়খনো বানত বুৰ গৈ নষ্ট হৈছিল সা-সামগ্ৰীৰ লগতে সেই অঞ্চলৰ ছাত্র ছাত্ৰীৰ শৈক্ষিক শিকণ সামগ্ৰী নষ্ট হৈছিল বানপানীত
বিদ্যালয় খনৰ শতাধিক ছাত্র ছাত্ৰীৰ মাজত বহী ,কলম স্কুল বেগ , জ্যামিতি আদি শৈক্ষিক সামগ্ৰীৰ লগতে বিদ্যালয় খনৰ বাবে দুখন টেবুল প্ৰদান কৰে স্বেচ্ছাসেৱী অনুষ্ঠান সম্প্ৰীতি যুৱ সংঘই আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি
সম্প্ৰীতি যুৱ সংঘৰ উপদেষ্টা কনক দাস , সভাপতি ড°ধ্ৰূৱজ্যোতি মহন্ত , উপ সভানেত্ৰী চিন্ময়ী ফুকন , সাধাৰণ সম্পাদিকা ড°মৌচুমী মাধৱ , যুটীয়া সম্পাদিকা মানসী মহন্ত , কোষাধক্ষ্য চিৰঞ্জীত দত্তকে আদি কৰি প্ৰায় ১০ গৰাকী সংঘৰ বিষয়ববীয়াৰ উপস্থিতিত ৰূপায়িত কৰা হয় এই কাৰ্যসূচী ।
ভা-ধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আহি এনেদৰে সহযোগিতা আগবঢ়োৱাৰ বাবে বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰণৱ চেতিয়াই ধন্যবাদ জ্ঞাপন কৰে সম্প্ৰীতি যুৱ সংঘৰ সকলো বিষয়ববীয়াক
#highlightseveryone
#followerseveryone
#nonfollowers
#jorhat
#sivasagarassam
Sibsagar, Sivasagar | Sep 12, 2026