Public App Logo
Profile Picture

Sivasagar Breaking News

@usr17743701
126Followers
3Following
শিৱসাগৰৰ হিন্দু ধৰ্ম সভা নামঘৰৰ দূৰ্গাপূজাৰ বিজয়া দশমী 

১২৮ বছৰ অতিক্ৰম এই নামঘৰৰ দূৰ্গাপূজাৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=durga nis:value=durga nis:enabled=true nis:link/>
শিৱসাগৰৰ হেমচন্দ্ৰ বৰুৱা পথত অৱস্থিত জয়ন্তী ৰেষ্টুৰেণ্টৰ গৌৰৱময় যাত্ৰা সুদীৰ্ঘ ৪০ টা বৰ্ষ । 

বিশেষ দিনটোত উদযাপন গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰি 

অজিত শৰ্মা, বিজিত শৰ্মা আৰু অমৃত শৰ্মা তিনি জন ভাই ককাই মিলি একেলগে আৰম্ভ কৰি ব্যৱসায় অতিক্ৰম কৰে চল্লিশ বছৰ। 

নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে আন দহটা পৰিয়ালৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰি সফলতাৰে খোজ কাঢ়িবলৈ সক্ষম আজি এই কেইগৰাকী ব্যক্তি 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=events nis:value=events nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollow nis:value=nonfollow nis:enabled=true nis:link/>
প্ৰায় ১৫০ বছৰীয়া দিচাং ধাই আলি বৰনামঘৰত পুনৰ প্ৰতিষ্ঠা হল মণিকূট আৰু সিংহাসন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰিয়ালৰ মঙ্গল কামনাৰ অসমত প্ৰথমতো নামঘৰৰ মণিকূট উৎসৰ্গিত

 অন্যহতে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নামত এই নামঘৰতে স্থাপন হল প্ৰথমটো নামঘৰৰ লাই খুঁটা

সমান্তৰালভাৱে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত উৎসৰ্গা কৰা হল নামঘৰৰ টিনপাত 

ধৰ্ম ধ্বজা উত্তোলন , গছ পুলি ৰূপন আদি কাৰ্যসূচী সমাপন কৰি আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দদেৱ গোস্বামীৰ দ্বাৰা স্থাপন কৰা হয় সিংহাসন

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyoneシ゚ nis:value=everyoneシ゚ nis:enabled=true nis:link/>
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াক সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ ।

 সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি জীপম বড়া আৰু সাধাৰণ সম্পাদক প্ৰীতম বৰগোহাঁই৷

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
শিৱসাগৰ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড!

 ৭ লক্ষাধিক টকাৰ নগদ ধন, প্ৰায় ৫০ লাখ টকাৰ সোণৰ অলংকাৰ চুৰি!

 শংকৰ মন্দিৰ পথৰ কাষত চোৰৰ লুটপাত।

 নিশা সংঘটিত এই চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 জানিব পৰা মতে, ঘটনাৰ সময়ত বাসগৃহটোত কেৱল এগৰাকী বৃদ্ধ দম্পতীহে আছিল। চোৰে ঘৰৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰি আলমাৰিৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লৈ উধাও হয়।

 ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

তিনিটা মহলাৰ ওপৰত সংঘটিত এই চুৰি কাণ্ড‌ই জোকাৰিছে সমগ্ৰ অঞ্চল

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonehighlights nis:value=everyonehighlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
শিৱসাগৰত অ এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
বানপানীৰ ক্ষতিপূৰণ বিচাৰি শিৱসাগৰত এইবাৰ ৰাইজৰ দলৰ কৰ্মী সোমাই গ'ল আয়ুক্ত কাৰ্যালয়ৰ ভিতৰলৈ

<nis:link nis:type=tag nis:id=highlightsシ゚ nis:value=highlightsシ゚ nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
শিৱসাগৰত মহিলা আৰু শিশু বিকাশ নগৰৰ প্ৰকল্পৰ উদ্যোগত অংগন মিলন সেৱা কাৰ্যসূচী ৰূপায়ণ 

শিৱসাগৰৰ ১ নং পি এম শ্ৰী প্ৰাথমিক বিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী 

শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস , মহিলা আৰু শিশু বিকাশ নগৰ প্ৰকল্প বিষয়া সান্তনা বৰুৱাকে আদি কৰি উপস্থিত থাকে জিলা খনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজিৰ এই কাৰ্যসূচীত 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/>
পুষ্টি, স্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ অভ্যাস আৰু সুষম আহাৰৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ পশ্চিম যমুনা খণ্ডত এখন 'পোষণ মেলা' অনুষ্ঠিত কৰা হয়।

এই কাৰ্যসূচীখন উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত (সমাজ কল্যাণ)  গৌৰীপ্ৰিয়া দেউৰীয়ে । অনুষ্ঠানত শিৱসাগৰৰ ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া, শিৱসাগৰ নগৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজাৰ সকল, অংগনৱাড়ী কৰ্মী আৰু অংগনৱাড়ী সহায়িকাসকল উপস্থিত থাকে।

পোষণ মেলাৰ অংশ হিচাপে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে স্থানীয়ভাৱে উপলব্ধ তথা সুলভ মূল্যৰ পুষ্টিকৰ আহাৰ প্ৰস্তুতকৰণৰ প্ৰদৰ্শনী আগবঢ়ায়, যিয়ে শিশু, মহিলা আৰু পৰিয়ালসমূহৰ উন্নত পুষ্টি নিশ্চিত কৰাত অৰিহণা যোগাব পাৰে।
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/>
শিৱসাগৰ জিলা আয়ুক্তৰ সংবাদ মেল জিলাৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ত । জনসাধাৰণক আহ্বান আতংকিত হোৱাৰ প্ৰয়োজন নাই।
শিৱসাগৰ জিলা আয়ুক্তৰ আহ্বান আতংকিত হোৱাৰ প্ৰয়োজন নাই তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱা নাই দিখৌ নদী বৰ্তমান বিপদ সীমাৰ বহু মিটাৰ তলত
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followers nis:value=followers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
শিৱসাগৰত সাংসদ যোগেন মহনৰ সংবাদমেল

জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে সংবাদ মেল সম্বোধন কৰে সাম্প্ৰতিক সময়ৰ প্ৰসংগক 

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদমেল। এই অভিযোগ ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। জ্ঞানেশ কুমাৰ বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ দলে মুখ থেকেছা খাইছে। 

ইভিএম কংগ্ৰেছৰ দিনতহে প্ৰথম ব্যৱহাৰ কৰা হৈছিল। কিন্তু কংগ্ৰেছ দলে ইভিএমৰ বিৰুদ্ধে মাত মাতি থাকে। কংগ্ৰেছ দলে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ লগতে আবোল তাবোল বকে। 

দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি বিৰূপ মন্তব্য কৰে কংগ্ৰেছে। ন্যায় ব্যৱস্থা সন্দৰ্ভতো বিদেশত বিৰূপ মন্তব্য কংগ্ৰেছৰ নেতাৰ। দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকৰ ক্ষেত্ৰতো ৰাহুল গান্ধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ৰাহুল গান্ধীয়ে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈছিল। 

দেশৰ জনতাক কংগ্ৰেছ দলৰ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান সাংসদ যোগেন মহনৰ। কংগ্ৰেছ দলে শাসনত থাকোঁতেও কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। এতিয়া দেশৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলিবৰ বাবে এনে কাম বাৰে বাৰে কৰি আহিছে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=bjpnews nis:value=BJPNEWS nis:enabled=true nis:link/>
শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল য়াদৱে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থাপনাৰ লগতে, চাফ-চিকুণতা, যান-বহনৰ পাৰ্কিঙৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা, ৰূপায়ণ হৈ থকা আৰু বিভিন্ন নতুন প্ৰকল্পৰ পৰিকল্পনা আৰু অগ্ৰগতি, ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে উপলব্ধ সা-সুবিধা, বৈদ্যুতিন সা-সুবিধা আদি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়। জিলা আয়ুক্ত গৰাকীয়ে আজি চিকিৎসালয়খনত আয়োজিত চিকিৎসালয় ব্যৱস্থাপনা সমাজৰ বৈঠকতো অধ্যক্ষতা কৰে। 

বৈঠকত জিলা আয়ুক্ত গৰাকীয়ে চিকিৎসালয়খনত বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ হোৱা আসোঁৱাহ আৰু অসুবিধাসমূহ দূৰীকৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগীৰ লগতে জনসাধাৰণৰ অভাৱ-অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰতো কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। 

আজিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) ৰনন্ময় ভৰদ্বাজ প্ৰমুখ্যে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ চিকিৎসক বিষয়া আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।

<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ শিবিৰ

শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ: শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ, বুধবাৰে জয়সাগৰস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ৰাজ্যিক প্ৰতিষ্ঠানত (এছ টি পি আৰ ডি) গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ মাজত যক্ষ্মা ৰোগ আৰু ‘যক্ষ্মামুক্ত পঞ্চায়ত’ সন্দৰ্ভত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ শ্ৰদ্ধাৰ পঙ্কজ হাজৰিকা দেৱে। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ দ্বিজেন কোঁচ।

ডাঃ কোঁচে পঞ্চায়ত প্ৰতিনিধিসকলক যক্ষ্মা ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কেনেদৰে সংক্ৰমিত হয়, ৰোগবিধৰ বিভিন্ন লক্ষণ, চিকিৎসা পদ্ধতি আৰু যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিতংভাৱে অৱগত কৰে।

ইয়াৰ উপৰি জিলা যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতুপৰ্ণা শইকীয়াই যক্ষ্মা ৰোগৰ ৰোগী আৰু চিকিৎসা সম্পৰ্কীয় তথ্য সংৰক্ষণ তথা পৰিচালনাৰ বাবে ব্যৱহৃত ‘নিক্ষয়’ (Nikshay) পৰ্টেলৰ বিষয়ে উপস্থিতসকলক অৱগত কৰে।

জিলা যক্ষ্মা ৰোগ বিভাগৰ পৰীক্ষাগাৰৰ দায়িত্বত থকা শ্ৰী কল্যাণ বৰীয়ে তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগ নিৰ্ণয়ৰ বাবে কাহৰ নমুনা পৰীক্ষাৰ আধুনিক প্ৰযুক্তি ‘নাট’ (NAAT) পৰীক্ষাৰ বিষয়ে উপস্থিতসকলক বিস্তৃতভাৱে জানিবলৈ দিয়ে।

আনহাতে, যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী ৰিতু দত্তই তেওঁৰ বক্তব্যত যক্ষ্মা ৰোগৰ ব্যক্তিগত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলেও যক্ষ্মা নিৰ্মূল অভিযানৰ আওতাত পৰে বুলি উল্লেখ কৰে। লগতে যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰশিক্ষণ শিবিৰত যক্ষ্মা ৰোগ বিভাগৰ কৰ্মী শ্ৰী নয়ন মালাকৰো উপস্থিত থাকে। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ৪৫গৰাকীৰো অধিক পঞ্চায়ত প্ৰতিনিধিয়ে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।

যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত পঞ্চায়ত পৰ্যায়ত সজাগতা বৃদ্ধি, ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকা নিশ্চিত কৰাই এই প্ৰশিক্ষণ শিবিৰৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে আয়োজকসকলে।
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
শিৱসাগৰত এইবাৰ চোৰে জেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতেই চলালে তাণ্ডৱ 

ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানৰ পৰা লুটি নিলে সা- সামগ্ৰীৰ লগতে চিলিণ্ডাৰ পৰ্যন্ত 

জিলা ন্যায়পালিকাৰ কাৰ্যালয়ৰ সমীপত সংঘটিত এই কাণ্ডই জোকাৰি গৈছে সমগ্ৰ শিৱসাগৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত ৰাজ্য সভাৰ সাংসদ যোগেন মহনৰ সংবাদমেল সম্বোধন 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/>
শিৱসাগৰত ৰংপুৰ সংগীত মঞ্চৰ উদ্যোগত সংগীতৰ সন্ধিয়া 

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰে গীতৰ সন্ধিয়া 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
শিৱসাগৰত অনাতাঁৰ শিল্পী সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা 

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনে শুভাৰম্ভ কৰা সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক প্ৰতিযোগীয়ে

টি এম পি কে শিৱসাগৰ জিলা সমিতিৰ লগতে কেইবাটাও মিচিং জনগোষ্ঠীয় সংগঠনৰ যৌথ সহযোগত শিল্পী গৰাকীৰ ৬৮ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই গীতৰ প্ৰতিযোগিতা 

শিৱসাগৰৰ জনজাতি জিৰণি চ'ৰাত দিনযোৰা কৈ অনুষ্ঠিত কৰা এই গীতৰ প্ৰতিযোগিতা জিলা খনৰ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰো বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে 

উল্লেখ্য যে সৰু কালৰ পৰাই মিচিং জনগোষ্ঠীৰ ওপৰত বিশেষ ভাৱে গীত ৰচনা কৰি পৰিবেশন কৰাৰ লগতে পদ্মশ্ৰী ইমৰাণ শ্বাহ, সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ গীতটো সুৰ দি বহু সংখ্যক অসমীয়া গীত ৰচনা কৰিছে বৰ্তমান সময়লৈকে এই গৰাকী সুৰুজ কুমাৰ পাতিৰিয়ে ।
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
নগাঁৱৰ জুৰীয়াৰ বাবুল হুছেইন ই ৰিক্সা চালকৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী ওলাল । 

ভাড়াতীয়া হিচাপে আছিল শিৱসাগৰৰ বনিয়া বাৰীত
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=sivasagarpolice nis:value=Sivasagarpolice nis:enabled=true nis:link/>
শিৱসাগৰৰ যুৱ দলত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অসমীয়া যুৱ মঞ্চৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyon nis:value=everyon nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followersシ゚ nis:value=followersシ゚ nis:enabled=true nis:link/>
গুৱাহাটী আজাৰাৰ নিমিষা ঠাকুৰীয়াৰ মৃতদেহ উদ্ধাৰ হোমষ্টেত 

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আচিক আলিক নামৰ যুৱকজনক 

নিমিষাৰ মুখমণ্ডলৰ লগতে শৰীৰৰ গোপন ঠাইত আঘাতৰ চিন পোৱা বুলি জানিব পৰা গৈছে 

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followers nis:value=followers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
📌 ৫ অক্টোবৰৰ উপহাৰ কুপনৰ খেলৰ বাবে সাজু হওক আপুনিও। ভাগ্য ফুলিলে আপোনাৰ চোতাললৈও আহিব পাৰে বি এম ডব্লিও বাহনৰ লগতে অন্যান্য চাৰিচকীয়া বিলাসী বাহন। 

📌 কিয়নো শিৱসাগৰৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আয়োজন কৰা হৈছে এক বৃহৎ উপহাৰ কুপনৰ খেল। শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক ভৱন নিৰ্মাণৰ সাহায্যার্থে আয়োজন কৰা এই উপহাৰ কুপনৰ খেলত আছে বিএমডব্লিও, হুণ্ডাই, চুজুকী, টাটা মহিন্দ্ৰা আদি কোম্পানীৰ চাৰিচকীয়া বিলাসী বাহন, বাইক, স্কুটী আৰি অন্যান্য আকৰ্ষণীয় উপহাৰ। 

📌 শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া এই উপহাৰ কুপনৰ খেলৰ কুপন চৌহদৰ অস্থায়ী শিবিৰত উপলব্ধ হৈ আছে। তাৰোপৰি অনলাইনতো উপলব্ধ হোৱা কুপন ক্ৰয় কৰিবৰ বাবে *9181699334*, *9181779851* নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে। তাৰোপৰি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় অনুমতি জিলা প্ৰশাসনৰ পৰা ইতিমধ্যে প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/>
শিৱসাগৰত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল সম্বোধন। 

ৰন্টু পানী ফুকন, শৃংখল চলিহা, বিকাশ অসমকে আদি কৰি বহু কেইগৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত
বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ডাঙৰ সিদ্ধান্ত 

শৃংখল চলিহাই কি কলে শুনক

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=birlachitsena nis:value=birlachitsena nis:enabled=true nis:link/>
*শিৱসাগৰ ৰেল ষ্টেচনত দেখা গল অভাৱনীয় পৰিৱেশ।

*উজনিৰ পৰা গুৱাহাটীলৈ বুলি ৰেলেৰে হাজাৰ লোকৰ যাত্ৰা।

*কালিলৈ গুৱাহাটীত উজনিৰ বানপীড়িত লোকক লৈ ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

*বানপীড়িত লোকসকলে বৰ্তমানেও ১৫ হাজাৰ টকাৰ অন্তৰ্ৱতীকালীন বান সাহাৰ্য লাভ নকৰাৰ প্ৰতিবাদত গুৱাহাটীত ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

*পুৱা জিলা আৰু আৰক্ষী প্ৰশাসনে গণ সমাবেশত অংশ লোৱাৰ বাবে শিৱসাগৰ ৰেল ষ্টেচনত উপস্থিত লোকক বাধা আৰোপ কৰিছিল।

*বিয়লিলৈ এই বাধা শিথিল কৰি গণ সমাবেশত অংশ লোৱা লোকসকলক যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰে জিলা আৰু আৰক্ষী প্ৰশাসনে।
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=raijordol nis:value=RaijorDol nis:enabled=true nis:link/>