Public App Logo
Profile Picture

Sivasagar Breaking News

@usr17743701
82Followers
3Following
শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ মুক্তি নাথ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদকে আদি কৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত জুবিন দিৱস পালন 

ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি জুবিন দিৱস পালন কৰি বিনামূলীয়াকৈ স্প্ৰে আৰ্ট গামোচা স্পৰ্টিংত কৰিছে সংগঠন কেইটাৰ উদ্যোগত
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
লেহ-লাডাখৰ শান্তি স্তুপাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰৰ পাঁচ যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

অসমৰ সংগীতজগতৰ মহীৰূহ, যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ লেহ-লাডাখৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শিৱসাগৰৰ পাঁচ বন্ধুৱে।

লেহৰ ঐতিহাসিক শান্তি স্তুপত উপস্থিত হৈ পাঁচ যুৱকে জুবিন গাৰ্গৰ স্মৃতিত নীৰৱ শ্ৰদ্ধা নিবেদন কৰে। লাডাখৰ নিৰ্মল আকাশ, শান্ত পৰিৱেশ আৰু হিমালয়ৰ বিশালতাৰ মাজত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিয়ে এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।

শিৱসাগৰৰ পৰা লেহ-লাডাখ ভ্ৰমণলৈ অহা এই পাঁচ বন্ধু হৈছে পাৰ্থপ্ৰতীম বৰা, বিশ্বজিৎ, পবিত্ৰ, জ্ঞানদীপ আৰু মনদীপ। বন্ধুত্বৰ এক সপোনৰ যাত্ৰাক স্মৰণীয় কৰি তুলিবলৈ তেওঁলোকে জুবিন গাৰ্গৰ স্মৃতিত এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে।

তেওঁলোকৰ মতে, “জুবিন কেৱল এজন শিল্পী নাছিল; তেওঁ আছিল অসমীয়া জাতিৰ আৱেগ, আমাৰ যৌৱনৰ সংগী আৰু আমাৰ সপোনৰ এক অবিচ্ছেদ্য অংশ। লাডাখৰ এই শান্তিৰ ভূমিৰ পৰা তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।”

অসমৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত, হিমালয়ৰ বুকুত জুবিনৰ স্মৃতিক সুঁৱৰি শিৱসাগৰৰ এই পাঁচ বন্ধুৱে যেন আকৌ এবাৰ প্ৰমাণ কৰিলে—
ভৌগোলিক দূৰত্বই হৃদয়ৰ দূৰত্ব সৃষ্টি কৰিব নোৱাৰে।

জুবিন গাৰ্গৰ কণ্ঠৰ সুৰ যেন লাডাখৰ নিৰৱ পাহাৰতো আজি প্ৰতিধ্বনিত—

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
জুবিন গাৰ্গৰ কালজয়ী গীত
লোক বাদ্য শিল্পী দ্বীজেন গগৈ ডাঙৰীয়াৰ নেতৃত্বত ষোল্ল ফুট দৈৰ্ঘ্যৰ বাঁহীত জুবিন গাৰ্গৰ গীতৰ ধ্বনি
শিৱসাগৰত জুবিন দিৱস শিৱসাগৰ বাসীৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি নগৰৰ মাজমজিয়াত
পোহৰৰে ছাকি গছি শীৰ্ষক কাৰ্যসূচীৰে শ্ৰদ্ধাৰ্ঘ্য 

 শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
শিৱসাগৰৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট

আৰক্ষী অধীক্ষক গৰাকীৰ আহ্বান এই ভুৱা ফেচবুক গৰাকীৰ কথাত  সঁহাৰি নজনাব
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া উৎসৰ্গিত জনসেৱাৰ বাবে ৰাইজৰ কৃতজ্ঞতা আৰু সন্মিলিত আশীৰ্বাদ প্ৰকাশ কৰিবলৈ আজি সমগ্ৰ জিলাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত "আশীৰ্বাদ বন্তি" শীৰ্ষক এক বিশাল কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। তদুপলক্ষে শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত লুকুমণি বড়া, গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, পৰীস্মিতা দিহিঙ্গীয়া, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিত্ৰাবৃন্দা গগৈ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=dcsivasagar nis:value=dcsivasagar nis:enabled=true nis:link/>
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন শিৱসাগৰত জিলা বিজেপিৰ উদ্যোগত 

ঐতিহাসিক শিৱদৌলৰ সন্মুখত বন্তি জ্বলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্ম দিন উদযাপন 

ৰাজ্য সভাৰ সাংসদ যোগেন মহনৰ অংশগ্ৰহণ বিজেপিৰ এই কাৰ্যসূচীত 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/>
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে এগছি বন্তি প্ৰজ্বলন কৰাৰ আহ্বানৰ 

বিভিন্ন জনৰ অস্বীকাৰ এই কাৰ্য কৰাৰ বাবে। ইয়াৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ বাবে এগছি বন্তি প্ৰজ্বলন কৰিব বুলি ব্যক্ত

আপুনি কোন গৰাকী ব্যক্তিৰ বাবে বন্তি জ্বলাব কমেন্ট কৰিব 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=zubeengarg nis:value=ZubeenGarg nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
শিৱসাগৰত টাইপাৰ প্ৰতিবাদ বানপীড়িতক ক্ষতিপূৰণ দিয়াৰ দাবীত
প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোতে শিৱসাগৰত টাইপাৰ ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ 

বানপীড়িতৰ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত নগৰৰ মাজমজিয়াত 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=taipa nis:value=taipa nis:enabled=true nis:link/>
"তোমাৰ ওৰণিৰ আঁৰত জিলিকে উদাসী চকু " আজিও সজীৱ সেই কন্ঠ আমাৰ হৃদয়ত । 
   ১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত ঐতিহাসিক শিৱসাগৰৰ চৰাইদেও বাগানত জন্ম লাভ কৰিছিল পিতৃ নন্দীৰাম বুঢ়াগোঁহাই আৰু মাতৃ ভদ্ৰেশ্বৰী বুঢ়াগোঁহাই সুযোগ্য সন্তান শ্ৰদ্ধাৰ প্ৰয়াত চাৰু গোঁহাই দেৱ ‌।
 চৰাইদেও বাগানতে প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পাছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা এইজনা মহান শিল্পীয়ে 
বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই  সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰি ১৯৭৯ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল । ১৯৭৯ চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষকৰূপে ২০১১ চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে ।
 ২০০ৰো অধিক গীতত কণ্ঠদান কৰাৰ উপৰিও তেখেত দুকুৰিৰো অধিক গীত ৰচনা কৰে। সংগীতৰ ক্ষেত্ৰত তেওঁক সুধাকন্ঠ ড. ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই বিশেষ ভাবে প্ৰভাৱিত কৰিছিল । জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ বজাইছিল । আজি এইজনা মহান শিল্পীক তেখেতৰ ওপজা দিনত গভীৰ ভাবে সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনালোঁ ।
,
,
,
<nis:link nis:type=tag nis:id=highlightsシ゚ nis:value=highlightsシ゚ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=photochallenge nis:value=photochallenge nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=photoeditingchallenge nis:value=PhotoEditingChallenge nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=photographychallenge nis:value=photographychallenge nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/>
Big shout out to my newest top fans! 💎 Kaushik Saikia, Rupamoni Saikia Dhunu, Basana Sompa Mahanta, Swapna Handique Handique

Drop a comment to welcome them to our community, @top fans
শিৱসাগৰ আৰক্ষীৰ সফল অভিযান মাৰাত্মক ড্ৰাগছ সহ আৰক্ষীৰ জালত নগাঁৱৰ আবু আৰু চৰিফুল 

 দুই সন্দেহজনক যুৱকৰ পৰা বৃহত পৰিমাণৰ মাৰাত্মক ড্ৰাগছ জব্দ ৷

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাংকান নগৰৰ সমীপত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি।

নগাঁৱৰ আবু হানিফ ওৰফে হানিফ আলি  আৰু 
চৰিফুল ইছলাম নামৰ ব্যক্তি দুজনৰ জিম্মাৰ পৰা উদ্ধাৰ বৃহত পৰিমাণৰ ড্ৰাগছ ৷

এখন নম্বৰ প্লেট বিহীন এনট্ৰক বাইকেৰে আহি থকাৰ সময়তেই জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ পৰিচালনাত সদৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধি,  নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাই  অসামৰিক পোচাকত অভিযান চলাই দুই সৰৱৰাহকাৰীক  আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত পৰা আবু হানিফ ওৰফে হানিফ আলি কিছু দিনৰ পুৰ্বেহে জেলৰ পৰা মুকলি হৈ আহিছিল৷ 
জব্দ কৰা ড্ৰাগছৰ পৰিমাণ প্ৰায়  ৮০ গ্ৰাম বুলি আৰক্ষী প্ৰশাসনৰ পৰা জানিব পৰা গৈছে ৷

 ইয়াৰোপৰি জব্দ হোৱা ড্ৰাগছৰ পৰিমাণ বিগত দিনৰ তুলনাত সৰ্বাধিক ড্ৰাগছ বুলি জানিব পৰা গৈছে ৷

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=sivasagarpolice nis:value=sivasagarpolice nis:enabled=true nis:link/>
যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসাত গুৰুত্ব: শিৱসাগৰত ১৮৭ স্বাস্থ্যকৰ্মীক তিনিদিনীয়া প্ৰশিক্ষণ

 যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসা আৰু যতন নিশ্চিত কৰাৰ লক্ষ্যৰে শিৱসাগৰত অনুষ্ঠিত হৈছে স্বাস্থ্যকৰ্মীসকলৰ বাবে তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী।

১৪ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ শিৱসাগৰ নগৰ চিকিৎসা কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী NTEP, অসম আৰু Japhigo-ৰ যৌথ উদ্যোগত তথা NTEP, শিৱসাগৰৰ সহযোগত অনুষ্ঠিত হয়।

প্ৰশিক্ষণত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু যতনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিশেষকৈ Differentiated TB Care, মৃত্যুৰ অডিট, গৰ্ভৱতী যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু TB Preventive Therapy আদি বিষয় প্ৰশিক্ষণৰ অন্তৰ্ভুক্ত কৰা হয়।

এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানৰ CHO, MPW, ফাৰ্মাচিষ্ট আৰু চাহ বাগিচাৰ স্বাস্থ্যকৰ্মীসহ মুঠ ১৮৭ গৰাকী স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে।

১৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে NTEP, অসমৰ পৰামৰ্শদাতা ডাঃ সুব্ৰত দাস আৰু Japhigo-ৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া জ্যোতিকা তালুকদাৰে অংশগ্ৰহণ কৰে।

যক্ষ্মা ৰোগীৰ সময়োচিত চিকিৎসা, যতন আৰু প্ৰতিৰোধমূলক ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত এই প্ৰশিক্ষণে স্বাস্থ্যকৰ্মীসকলৰ দক্ষতা বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।

<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=mediterranean nis:value=mediterranean nis:enabled=true nis:link/>
শিৱসাগৰ নগৰৰ মাজমজিয়াত পুনৰ বাট পথ বুৰিল 

এজাক বৰষুণতে সৃষ্টি কৃত্ৰিম বানৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=flood nis:value=flood nis:enabled=true nis:link/>
মেটেকা মাজ গাঁৱ তিনি আলিৰ গণেশ পূজা উদযাপন থলীত হৰিনাম
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followerseveryone nis:value=followerseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followersシ゚ nis:value=followersシ゚ nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/>
জাতীয় সংগ্ৰামী সেনাই ঘেৰাও কৰে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰে

 চিকিৎসকৰ অভাৱ পূৰণ কৰাকে আদি কৰি প্ৰায় পোন্ধৰ টা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ

দাবী সমুহ -
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অতি কমেও দুজন মেডিচিনৰ বিশেষজ্ঞ চিকিৎসক দিয়াৰ ব্যৱস্থা কৰা।

 চিকিৎসালয়ত খালী হৈ থকা চিকিৎসক, নাৰ্ছ তথা অন্যান্য কাৰিকৰী পদসমূহত অতি শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰা ।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অন্তত এগৰাকী ৰেডিঅলজিষ্ট, এগৰাকী পেথলজিষ্ট আৰু এগৰাকী জেনেৰেল চিৰ্জন চিকিৎসক দিয়াৰ ব্যৱস্থা কৰা

চিকিৎসালয়ত যোৱা এপ্ৰিল মাহতে প্ৰায় ১ কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি মুকলি কৰা "কম্পনেণ্ট ব্লাড পৃথকীকৰণ" ব্যৱস্থাৰ তাৎক্ষণিক ভাৱে ৰোগীক সুবিধা প্ৰদান কৰা

১০-১২ দিন অপেক্ষা কৰাৰ পৰিৱৰ্তে  প্ৰতিদিনাই ৰোগীসকলে যাতে আলট্ৰাচাউণ্ড কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা

এগৰাকী ৰোগীৰ জটিল স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত থকা Integrated Disease Surveillance Team ক অধিক কাৰ্য্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা।

 শিৱসাগৰ জিলাৰ প্ৰতিটো স্বাস্থ্যখণ্ডৰ গাণনিক সকলক জিলাৰ ভিতৰতে অতি কমেও ৩ বছৰৰ মূৰে মূৰে বদলি কৰাৰ ব্যৱস্থা কৰা

চিকিৎসালয়ৰ চৌহদৰ লগতে সন্মুখ তথা সমগ্ৰ জয়সাগৰ অঞ্চলৰ পৰা অবৈধ সুৰাৰ দোকান তথা মদৰ ঘাটিসমূহ উৎচ্ছেদ কৰা

শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা মডেল চিকিৎসালয়খন ২৪ ঘণ্টাই ৰাইজৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা

 শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যলয়ৰ লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ঘটি থকা সকলো দূৰ্নীতি তথা অনিয়মৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ ব্যৱস্থা কৰাকে আদি কৰি

 কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ

<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followersreels nis:value=followersreels nis:enabled=true nis:link/>
ঔম শান্তি 
খবৰৰ মাজত ৰৈ যোৱা এক খবৰ । নেৱা প্ৰসাদ য়াদৱ অসমৰ প্ৰথম সাংবাদিক যি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰ DDInternational যোগে বাহিৰত প্ৰচাৰ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনৰ খবৰ প্ৰকাশ কৰা প্ৰথম হাড়ে হিমজুৱে অসমীয়া সাংবাদিক আৰু পত্নী অসমীয়া স্কুলৰ শিক্ষয়িত্ৰী।  উলুবাৰী শ্মশানত শেষকৃত্য হল সম্পন্ন ।  দুখৰ বিষয় শেষ সময়ত এইজন সাংবাদিক গল নিৰৱে নাপালে কোনেও তিলমাণো খবৰকে । উল্লেখ কৰিব লাগিব যিখন শ্মশানৰে উপ-সভাপতি আছিল সেই শ্মশানতে চিৰনিদ্ৰাত আজি চাৰিটা দিনৰ পূবে এই গৰাকী সাংবাদিক ।
বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে জনালো শ্ৰদ্ধাঞ্জলি । 

 dipankar dev sharma wall ৰ সহায় লৈ 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/>
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক দেখা গ'ল ব্যতিক্ৰমী ৰূপত 

হাতত বৰতাল লৈ খ্ৰীষ্টিয়ান পট্টি যুৱ সংঘৰ উদ্যোগত উদযাপন কৰা গণেশ চতুৰ্থীত অংশগ্ৰহণ কৰিলে দিহানামত
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=followerseveryone nis:value=followerseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=chinkhalchaliha nis:value=chinkhalchaliha nis:enabled=true nis:link/>
শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ চিনেমাৰ কায়দাৰে হাইজেক কৰা হ'ল বাহন

চকুত ক'লা কাপোৰ বান্ধি ড্ৰাইভাৰ হেণ্ডিমেনক মাজবাটত এৰিলে ডকাইতৰ দলটোৱে 

আৰক্ষীৰ বেশত হাতত আগ্নেয়াস্ত্ৰ লৈ ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ 
<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyonefollowers nis:value=everyonefollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=nonfollowers nis:value=nonfollowers nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=sivasagarpolice nis:value=sivasagarpolice nis:enabled=true nis:link/>
অসমৰ আকাশত বিৰল দৃশ্য চন্দ্ৰ কাষত এয়া উজ্জ্বল নক্ষত্ৰ 
<nis:link nis:type=tag nis:id=highlight nis:value=highlight nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=everyone nis:value=everyone nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=skyview nis:value=skyview nis:enabled=true nis:link/>
শিৱসাগৰৰ খ্ৰীষ্টিয়ান পট্টি যুৱ সংঘৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ পূজা উদযাপন