*গহপুৰৰ বৰডোপত সংঘটিত হৈছে এটা অলৌকিক আৰু অদ্ভুত ঘটনা*
📌
যি ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাটো সংঘটিত হৈছে বৰডোপ গাঁও খনৰ নিবাসী ধীৰেন শইকীয়াৰ ঘৰত।ঘৰ খনৰ গোহালি ঘৰ,আলনা,হাঁহৰ গৰাল আদি বিভিন্ন ঠাইত হঠাৎ জুই জ্বলি যায়। ঘৰ খনৰ মানুহৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে। নিশা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ উপস্থিত হয় যদিও জুই কোন সময়ত কেতিয়া জ্বলে তাৰ কোনো নিশ্চয়তা নাই। নিশাটো উজাগৰে কটায় পৰিয়ালটোৱে।আজি পুৱাৰ ভাগত পুনৰ ঘৰৰ ভিতৰত জুই লগাৰ লগতে বাহিৰত ওলমাই থোৱা এখন কাপোৰ পুনৰ দাউ দাউকৈ জ্বলি যায়। বৰ্তমান তীব্ৰ আতংকৰ মাজত সময় অতিবাহিত কৰিছে পৰিয়ালটোৱে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7