🔸*হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী*
🔸 অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গহপুৰ শাখা সমিতিৰ উদ্যোগত আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ সহযোগত হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সন্মুখত আজি ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদকাৰীসকলে তিনিটা মূল দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
*দাবীসমূহ হ’ল —*
*১.* চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰিব লাগে।
*২.* চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে।
*৩.* চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে।
ধৰ্ণাৰ সময়ত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ * আটছা জিন্দাবাদ, “চাহ শ্ৰমিক জিন্দাবাদ”, “অসম চৰকাৰ হায় হায়”, “বিজেপি চৰকাৰ গ’ বেক”, “শ্ৰম মন্ত্ৰী হায় হায়”* আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7