অভয়াপুৰীৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ বেঁকী নদীৰ দলংখন প্ৰায় দুমাহমান পূৰ্বে পূৱফালৰ তিনি নম্বৰ খুটি আকস্মিকভাবে তললৈ ১ ফুট বহি যোৱাত প্ৰশাসনে দলংৰ ওপৰেৰে দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা সম্পূৰ্ণভাবে বন্ধ কৰি দিছে। যাৰ ফলত যাতায়তৰ নৰক-যন্ত্ৰণাত ভুগিছে ৰাইজৰ লগতে ৰোগী। দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা মুকলি কৰি দিয়াৰ দাবীত কৰাৰকুৰ বেকী দলঙৰ পূৱ পাৰে ৰাইজৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।