ঘগ্ৰাপাৰ ভাগ: গুৱাকুছিৰ ৭০ সংখ্যক শিলপোতাবৰী সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ শুভাৰম্ভ
বৃহত্তৰ পূবনলবাৰী অঞ্চলৰ আধ্যাত্মিক তথা কিংবদন্তী কাহিনীৰে পৰিপূৰ্ণ ধৰ্মীয় অনুষ্ঠান শিলপোতাবৰী গোপাল মন্দিৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৭০ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱটি বুধবাৰে সন্ধিয়া শুভ উদ্বোধন কৰা হয়। ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন কৰে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নয়ন পাটোৱাৰীয়ে। শিলপোতাবৰী গোপাল মন্দিৰ তথা ৰাস উদযাপন সমিতিৰ সভাপতিৰ সভাপতি ফণীধৰ ডেকাই সভাপতিত্ব্ব কৰা উদ্বোধনী সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক জীতেন্দ্ৰ শৰ্মাই।