বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত কলগাছিয়া ঈদগাহ মৈদানত ৰাজহুৱা ভাবে অনুষ্ঠিত হব ঈদৰ নামাজ। জানিব পৰা মতে বিগত ২৪ বছৰ ধৰি জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ইমামতিত আদায় হয় ঈদৰ নামাজ। প্ৰতি বছৰৰ দৰে এইবেলিও জনীয়াৰ বিধায়কৰ ইমামতিত ঈদৰ নামাজ আদায় হব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে। যাৰ বাবে সজাই পৰাই তুলিছে কলগাছিয়া ইদগাহ মৈদান।