এই ঘৰখন অসমৰ এগৰাকী বিশেষ পৰিচিত ব্যক্তিৰ ঘৰ।তেওঁ আন কোনো নহয়,সকলোৰে চিনাকি সংগীত শিল্পী মানস ৰবীন ককাইদেউৰ ঘৰ। শিৱসাগৰৰ নিমাইজানত থকা মানস ৰবীন ককাইদেউৰ ঘৰখনো হঠাৎ অহা প্ৰলয়ংকাৰী বানে ধুই থৈ গ'ল।তথাপিও মানুহ জনে আনৰ বাবে,সমাজখনৰ কাৰণে অহৰ্নিশে সহায়ৰ হাত আগবঢ়াই আহিছে।এইবোৰ ছবিয়ে আচল দৃশ্য দাঙি ধৰে।ফটোখনত #protidin_time ৰ মুখ্য সম্পাদক Nitumoni Saikia Nitumoni Saikia Unofficial দাদাক দেখা গৈছে। তেখেতে দৃশ্যটো সামাজিক মাধ্যমত দাঙি ধৰাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ 🙏
নিমাইজান অঞ্চলত থকা মানস ৰবীন ককাইদেউৰ ঘৰখনো বানে তচনচ কৰি থৈ গ'ল। আচলতে শিল্পী সত্বা থকা মানুহজন ক্ৰমান্বয়ে মানুহৰ মাজত থাকি পূৰ্ণিমাৰ জোনটোৰ দৰে উজ্বল হৈ উঠিছে।এই সংকটৰ মুহুৰ্তত তেখেতে ৰাইজৰ প্ৰতি যি দায়ৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে,সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। দুয়োগৰাকী সন্মানীয় ব্যক্তিলৈ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ 🙏
#nimaijan
#ManashRobin
📍 নিমাইজান,শিৱসাগৰ