নলবাৰী জিলাৰ বৰভাগৰ বৰগাচাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক জিয়ান জোনাকে প্ৰায় পোন্ধৰ বছৰ ধৰি সংগীত ক্ষেত্ৰখনত জৰিত থাকি ইতিমধ্যে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে পৰিচিতি লাভ কৰিছিল৷ বিভিন্ন সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰিবলৈ সক্ষম হোৱা জিয়ান জোনাক যুৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় হৈ পৰিছিল ।ইফালে জিয়ান জোনাকৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছা পৰিছে