বড়ো বেপ্তিষ্ট সন্মিলন যুৱ বিভাগৰ হীৰক জয়ন্তী উৎসৱ ওদালগুৰিৰ বৰনগাঁৱত অনুষ্ঠিত হয়। হীৰক জয়ন্তীৰ সতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত কৰাৰ লগতে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত মুকলি সভাত বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইপিনে উক্ত সময় চোৱাত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি,ফাদাৰ, আৰু খৃষ্টান ধৰ্মৰ লোক সকল উপস্থিত থাকে।