শিৱসাগৰত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু*ৰ ঘটনাই নতুন মোৰ লৈছে। দীৰ্ঘদিন ধৰি ব্লেকমেইলিং (ধ*ন বা আন কোনো বিষয়ক লৈ ভাবুকি দি হেঁচা প্ৰয়োগ কৰা) কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত শিৱসাগৰ আৰক্ষীয়ে যুৱক এজনক আটক কৰিছে।
মৃ*ত ছাত্ৰীগৰাকী হৈছে পাৰিস্মিতা দত্ত। তেওঁ শিৱসাগৰ কমাৰ্চ কলেজৰ ছাত্ৰী আছিল।
১৮ নৱেম্বৰত শিৱসাগৰৰ বাবুপট্টিস্থিত ভিজন গাৰ্লছ হোষ্টেলৰ নিজৰ কোঠাত তেওঁৰ মৃ*তদেহ উদ্ধাৰ কৰা হৈছিল।
আৰক্ষীয়ে হোষ্টেলৰ কোঠাৰ পৰা তেওঁৰ ম'বাইল ফোন আৰু এখন টোকা উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তত প্ৰেমৰ সম্পৰ্কজনিত বিষয়ৰ কথা পোহৰলৈ অাহিছে।
পৰিয়ালৰ অভিযোগ অনুসৰি, পাৰিস্মিতাৰ পূৰ্বে আমগুৰিৰ পৰাগজ্যোতি দাস নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। পিছত তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ হয়। কিন্তু সম্পৰ্ক শেষ হোৱাৰ পিছতো যুৱকজনে দীৰ্ঘদিন ধৰি তেওঁক ব্লেকমেইলিং আৰু মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ পৰিয়ালে উত্থাপন কৰিছে।
পৰিয়ালৰ মতে, ইয়াৰ পূৰ্বেও পাৰিস্মিতা আৰু তেওঁৰ ভাতৃয়ে আমগুৰি আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে যুৱকজনক মাতি নি সতৰ্ক কৰি দিছিল বুলিও পৰিয়ালে দাবী কৰিছে।
পিছত শিৱসাগৰ সদৰ আৰক্ষী থানাত নতুনকৈ অভিযোগ দাখিল কৰাত আৰক্ষীয়ে যুৱকজনক আটক কৰে। বৰ্তমান ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।