কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে সষ্টম পৰিবহণ বিভাগ।
ৰাজ্যজুৰি পথ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ। কাজিৰঙাত সংঘটিত শেহতীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে বিভিন্ন স্থানত আৰম্ভ হৈছে যান-বাহনৰ তালাচী অভিযান।
ইয়াৰ অংশ হিচাপে শিৱসাগৰতো পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট শাখাই চলাইছে বিশেষ তালাচি অভিযান। দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ হেলমেট, বাণিজ্যিক যান-বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু অন্যান্য নিয়ম মানি চলিছেনে, সেইসমূহ পৰীক্ষা কৰিছে বিভাগীয় বিষয়াসকলে।
পথ দুৰ্ঘটনা ৰোধ, যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু সাধাৰণ পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে পৰিবহন বিভাগৰ তৎপৰতা