শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদ মেল।ঐতিহাসিক শিৱ দ'লৰ কাৰ্যালয়ত এই সংবাদ মেল সম্বোধন কৰে সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি বসন্ত গগৈয়ে।
সংবাদ মেলত যমুনা উচ্ছেদ সন্দৰ্ভত সকলো বেদখলত কৰা নিৰ্মাণ ভাঙি পেলোৱা হ'ব বুলিও আজি তেওঁ মন্তব্য কৰে।যমুনা বেদখল মুক্ত কৰাৰ লগতে পৰৱৰ্তী সময়ত ঐতিহাসিক তলাতল ঘৰ,গড়গাঁৱৰ কাৰেং ঘৰ আদিতো সকলো বেদখল উচ্ছেদৰ বাবে আটাছুৱে সংগ্ৰাম হাতত লব বুলিও আজিৰ সংবাদ মেলত তেওঁ অৱগত কৰে।আনহাতে কাৰেং ঘৰত অবৈধ পট্টা লৈ বহি থকা সকলোকে বেদখল কৰিব লাগিব বুলি তেওঁ আজি হুংকাৰ দিয়ে।ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তলাতল ঘৰ,কাৰেং ঘৰ,ফাকুৱা দ'ল আদিত থকা সকলো বেদখল উচ্ছেদ হ'ব লাগিব বুলি আজিৰ সংবাদ মেলত বসন্তৰ গগৈয়ে স্পষ্ট কৰে।
আনহাতে শেহতীয়াকৈ তাই আহোমক লৈ একাংশই যি ভাগ ভাগ কৰিছে তাক লৈ সৰৱ হৈ পৰে গগৈ।ড০ গিৰিণ ফুকন,শৰৎ বৰুৱা আদিয়ে শিখণ্ডীৰ ভূমিকা লৈ তাই আহোম জনজাতিৰ পৰা মু তাই নাম দি এক পৃথক জাতি গঠনৰ চেষ্টা কৰিছে।ইয়াৰ দ্বাৰা তেওঁ চ্যুকাফাৰ আদৰ্শ-সংস্কৃতিক নেওচি তেওঁলোকে আহোম জনগোষ্ঠীক ভাগ কৰাৰ চেষ্টা কৰিছে।এই সকলক বসন্ত গগৈয়ে বৌদ্ধিক সন্ত্ৰাসবাদী বুলি আখ্যা দিয়ে।আনহাতে এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাৰপানী যোগোৱাৰ অভিযোগ আহিছিল।যাৰ বাবে এই বিষয়ত স্পষ্টিকৰণ দিছে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোঁহাইয়ে।কিন্তু আহোম দেওধাই-বাইলুং-মহনৰ বংশাৱলীৰ সভাত প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ যোগেন মহন কিয় উপস্থিত থাকিল তাক লৈও আজিৰ সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে বসন্ত গগৈয়ে।তেওঁ এই বিষয়ত সাংসদ যোগেন মহনক এক আদালতৰ অনুসন্ধান দাবী কৰিবলৈ আহবান জনাই।লগতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে তাই আহোম উন্নয়ন পৰিষদক দেওধাই-বাইলুং-মহন সকলৰ বাবে উন্নয়ন পুঁজিৰ ২৫ শতাংশ ধন ব্যয় কৰাৰ দাবী উত্থাপন কৰে।