৩৫ সংখ্যক বৰ্ষপূৰ্তি আৰু ২৬৫ সংখ্যক" মা অনুষ্ঠান"ৰ , সজাগতা সভা তথা সেৱা অনুষ্ঠান এটি ওদালগুৰি মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি আই মাতৃ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইপিনে উক্ত অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰি, সহ আয়ুক্ত চাৰফাৰোজ হক, প্ৰাক্তন ডিপুটী চীফ প্ৰদীপ দৈমাৰী প্ৰমুখ্যে আইমাতৃ সকল বিশেষ ভাৱে উপস্থিত থাকে।