কাজিৰঙাৰ Eco sentetive Zone ৰ পৰিসীমা বৃদ্ধি ৰ বাবে সাংসদ গৌৰব গগৈয়ে জনোৱা দাবীৰ বিৰোধিতা কৰি বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিবাদ, গৌৰব গগৈৰ প্ৰতিমূৰ্তি দাহ
অসম চৰকাৰে Eco sentetive Zone ৰ পৰিসীমা ১-৩ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ বিৰোধীতা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈৰ দাবীৰ বিৰোদ্ধে ওলাই আহিল কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দাতিকাষৰীয়া বিশ্বনাথ ঘাট অঞ্চলৰ ৰাইজ৷ কংগ্ৰেছ চৰকাৰৰ দিনতে ব্ৰহ্মপুত্ৰ নদীখন ষষ্ঠ সংযোজনত অন্তৰ্ভুক্ত কৰাৰ বাবেই দীৰ্ঘদিন ধৰি উত্তৰ অসমত মাছমৰাৰ পৰা বঞ্চিত হৈ আহিছে মাছমৰীয়া ৰাইজ৷ যদিহে Eco sentetive Zone ৰ পৰিসীমা ১০ কিলোমিটাৰ হয় তেন্তে এই পৰিসীমাৰ ভিতৰত সোমাই পৰিব বিশ্বনাথ চাৰিআলি নগৰ আৰু ব্ৰহ্মপুত্ৰত মাছমৰাৰ পৰা বঞ্চিত হৈ পৰিব বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজ৷ Eco sensitive Zone ক লৈ চৰকাৰে লোৱা সীদ্ধান্তক আদৰণি জনাই কংগ্ৰেছৰ বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গৌৰব গগৈৰ প্ৰতিমূৰ্তি দাহ কৰে বিশ্বনাথ ঘাটৰ মাছমৰীয়া ৰাইজে।
#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #barta24x7