*slug:-গহপুৰৰ চত্ৰং নদীৰ গৰাখহনীয়া#নিশ্চিহ্ন হোৱাৰ উপক্ৰম ৫খন গাওঁ#হাহাকাৰ*
Anchor:- বানৰ পাছত চত্ৰং নদীৰ গৰাখহনীয়ায়ে কাল ৰূপ ধাৰণ কৰিছে । নদী খনৰ দুয়ো পাৰত বসবাস কৰা শ শ পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে । বিশেষ কৈ পাহাৰীয়া খৰস্ৰোতা নদী খনে মাধৱপুৰ, চত্ৰং বিষ্ণু পুৰ , দেউৰী গাঁও, চত্ৰং চাওতাল গাঁৱকে ধৰি ৫ খনৰো অধিক গাঁৱলৈ খহনীয়ায়ে ভাবুকি কঢ়িয়াই আনিছে । মাধাৱ পুৰ গাঁৱৰ মূল পথটো ইতিমধ্যে অধিকাংশ নদীৰ বুকুত জাহ গৈছে। শ শ বিঘা কৃষিভূমি নদী খনৰ খহনীয়াৰ কৱলত পৰি নিশেষ হৈছে । কৃষিৰ ওপৰত ১০০ শতাংশ নিৰ্ভৰশীল ৰাইজে এতিয়া দিন হাজিৰা কৰিবলৈ বাধ্যাত পৰিছে । দৈনিক সংকুচিত হৈছে অঞ্চল সমূহৰ ভূমি । এনেদৰেই যদি খহনীয়া অব্যাহত থাকে তেনেহলে অতি সোনকালে মানচিত্ৰৰ পৰা নিশ্চিহ্ন হব এই অঞ্চল সমূহ । ইয়াৰ পাছতো কানসাৰ নাই জলসম্পদ বিভাগ তথা চৰকাৰৰ । সেয়েহে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে ।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7