*মৰিগাঁৱত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ লক্ষ্যৰে NCORDৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত*
মৰিগাঁও, ৩০ অক্টোবৰঃ নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সামূহিক প্ৰতিৰোধ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত নাৰ্কো-কো-অৰ্ডিনেচন চেণ্টাৰ (NCORD)-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত নিশান্ত সৌৰভ, IPS-ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুত ৰাকেশ ডেকা, ACS-ৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী, আৰক্ষী বিষয়া-কৰ্মচাৰী আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰসকল উপস্থিত থাকে।
নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যক সন্মুখত ৰাখি বৈঠকত চলিত ক্ষেত্ৰভিত্তিক অভিযানসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ প্ৰৱণতা থকা অঞ্চলসমূহ চিনাক্ত কৰা হয়। লগতে, নিষিদ্ধ মনঃপ্ৰভাৱকাৰী ঔষধ আৰু পদাৰ্থৰ অবৈধ বিক্ৰী ৰোধ কৰাৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন আৰু তদাৰকী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়।
বৈঠকত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু সৰবৰাহৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিয়াৰ লগতে এখন সুৰক্ষিত আৰু নিচামুক্ত মৰিগাঁও গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু সংশ্লিষ্ট সকলো অংশীদাৰে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰি যোৱাৰ দৃঢ় সংকল্প পুনৰ ব্যক্ত কৰা হয়।