*ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ ঔজাৰী ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ*
অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি মৰিগাঁও জিলাৰ মানিপুৰস্থিত ঔজাৰী ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি চৰকাৰৰ ন্যূনতম সমৰ্থিত মূল্য (MSP)ত ধান ক্ৰয় প্ৰক্ৰিয়াৰ বুজ লয়। ধান ক্ৰয় প্ৰক্ৰিয়াক অধিক গতিশীল, স্বচ্ছ আৰু কৃষক-অনুকূল কৰি তোলাৰ লক্ষ্যৰে মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোত চলি থকা সামগ্ৰিক ব্যৱস্থাপনাৰ পূংখানুপুংখ পৰ্যালোচনা কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসম খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিচালন সঞ্চালিকা পাৰিজাত ভূঞা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ধান ক্ৰয় প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে কৃষকসকলক তেওঁলোকৰ উৎপাদিত ধানৰ উচিত মূল্য প্ৰদান কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। কৃষকসকলে যাতে চৰকাৰৰ এই অভিলাষী আঁচনিৰ সুবিধা প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰে, তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। লগতে কোনো মধ্যভোগী বা দালালৰ প্ৰভাৱত পৰি যাতে প্ৰকৃত কৃষকসকল উচিত মূল্য লাভৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, সেই দিশত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক সতৰ্কতাৰে দায়িত্ব পালন কৰাৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।অনুষ্ঠানৰ অংশ হিচাপে মন্ত্ৰীগৰাকীৰ উপস্থিতিত ঔজাৰী ধান ক্ৰয় কেন্দ্ৰত আনুষ্ঠানিকভাৱে ধান ক্ৰয়ৰ উপৰি একাংশ কৃষকক ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰমাণ-পত্ৰও বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীযুত হেমন্ত ভূঞা, অতিৰিক্ত আয়ুক্ত শ্ৰীযুত উদয় শংকৰ দত্ত, জিলা কৃষি বিষয়া শ্ৰীযুত দিলীপ কুমাৰ বৰা, মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা, জিলা বিজেপিৰ সভাপতি ৰাম প্ৰসাদ সৰকাৰ, কৃষি মন্ত্ৰীৰ প্ৰতিনিধি অপূৰ্ব্ব ডেকা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক শ্ৰীযুত ধ্ৰুৱজ্যোতি ডেকা, কৃষি উন্নয়ন বিষয়া শ্ৰীযুত অমৰজ্যোতি দেৱনাথ, শ্ৰীযুত বীৰেন সিং পেগু, ঔজাৰী ধান ক্ৰয় কেন্দ্ৰৰ প্ৰৱন্ধক শ্ৰীযুত চম্পক দাসৰ লগতে কৃষি বিভাগ আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।